অসম লাইভ ২৪ঃ প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক বুদ্ধদেৱ দাসগুপ্তৰ দেহাৱসান। ৭৭ বছৰত মৃত্যু হয় ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বংগৰ পৰিচালকজন। দীৰ্ঘদিনে কিডনীৰ অসুখত ভুগি আছিল দাসগুপ্ত। ‘বাঘ বাহাদুৰ’, ‘তাহাদেৰ কথা’, ‘চৰাচৰ’, ‘উত্তৰা’ আদি ছবিৰ পৰিচালক বুদ্ধদেৱ দাসগুপ্ত কবি হিচাপেও সুখ্যাত। ‘উত্তৰা(২০০০)’ আৰু ‘স্বপ্নেৰ দিন(২০০৫)’ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল পৰিচালক বুদ্ধদেৱ দাসগুপ্তই। বিশিষ্ট পৰিচালকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে দেশৰ চলচ্চিত্ৰ জগতত। তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাজী, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ