বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে জ্ঞান, বুদ্ধি, বিচাৰ ক্ষমতা আৰু বাচন শক্তিৰ কাৰক গ্ৰহ৷ অৰ্থাৎ কোষ্ঠীত বুধৰ শক্তিশালী স্থান থাকিলে জাতকৰ বিচাৰবুদ্ধি উন্নত হয় আৰু আৰ্থিক সমৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হয়৷ সূৰ্যৰ সকলোতকৈ কাষত অৱস্থিত এই গ্ৰহে ছেপ্টেম্বৰ মাহত দুবাৰ নিজৰ ৰাশি পৰিবৰ্তন কৰিব৷ বৰ্তমান কৰ্কট ৰাশিত অৱস্থান কৰিছে বুধে৷ অৰ্থাৎ ৪ ছেপ্টেম্বৰ ২০২৪ত বুধে সিংহ ৰাশিত গোচৰ কৰিব৷ তাতেই পূৰ্বৰে অৱস্থান কৰিছে সূৰ্যই৷ বুধ আৰু সূৰ্য মিলিত হোৱাৰ সিংহ ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ আকৌ মাহৰ শেষৰ ফালে অৰ্থাৎ আগন্তুক ২৪ ছেপ্টেম্বৰত সিংহ এৰি কন্যা ৰাশিত বুধ প্ৰৱেশ কৰিব৷ জানি থওক বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব?
বৃষ ৰাশি
আপুনি বৃষ ৰাশিৰ জাতক হ’লে বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত আপুনি লাভৱান হ’ব৷ সম্পত্তি আৰু মাটি সংক্ৰান্তিয় বিষয়ত আপুনি লাভজনক চুক্তি কৰিব৷ চৰকাৰী প্ৰকল্পৰ পৰাও আপোনাৰ আৰ্থিক লাভ হ’ব৷ বৃষ ৰাশিৰ জাতকৰ উপাৰ্জন বাঢ়িব৷ কেৰিয়াৰত উন্নতি হ’ব আৰু পিতৃ-মাতৃৰ পৰা কোনো সুখবৰ পাব পাৰে৷
মিথুন ৰাশি
মিতুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ৷ সেয়ে ছেপ্টেম্বৰত বুধৰ গোচৰত লাভজনক প্ৰভাৱ মিথুন ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ এই মাহত খ্যাতি আৰু জনপ্ৰিয়তা লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ ছেপ্টেম্বৰত নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব আপুনি৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ’ব৷ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব৷
কৰ্কট ৰাশি
বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত পেছাগত জীৱনত উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ বিশেষকৈ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে এই সময়ত বৃহৎ উন্নতি কৰিব পাৰিব৷ আপোনাৰ ব্যৱসায় ভাল হ’ব৷ যিসকলে কামৰ সৈতে যুক্ত হৈ আছে তেওঁলোকৰ খ্যাতি লাভ সম্ভৱ৷
সিংহ ৰাশি
কাইলৈ সিংহ ৰাশিতেই গোচৰ কৰিব বুধে৷ এই সময়ত আপুনি নিজৰ পৰিশ্ৰমৰ সুফল অৰ্জন কৰিব পাৰিব৷ এই সময়ত আপুনি যিমানেই কঠোপ পৰিশ্ৰম কৰিব সিমানেই ভাল ৰিটাৰ্ণ পাব৷ সিংহ ৰাশিৰ মহিলাই ছেপ্টেম্বৰত ভাল সময় কটাব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ এই মাহত কাৰোবাক সেউজীয়া ৰঙৰ সামগ্ৰী দান কৰিলে তাৰ সুফল আপুনি পাব৷
বৃশ্চিক ৰাশি
ছেপ্টেম্বৰত বুধে দুইবাৰ ৰাশি পৰিবৰ্তন কৰাৰ ফলত ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ কৰ্মক্ষেত্ৰত এই সময়ত আপোনাৰ সকলো প্ৰতিকূলতা আঁতৰি যাব৷ যি কামত হাত দিয়ে, তাতেই আপুনি লাভ হ’ব৷ আপোনাৰ মনত আনন্দ আৰু সন্তুষ্টি থাকিব৷ এই মাহত মাটিৰ পাত্ৰ দান কৰিলে লাভৱান হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ