জ্যোতিষশাস্ত্ৰমতে বুধ মাৰ্গী হ’লে তাৰ প্ৰভাৱ একাধিক ৰাশিৰ জাতক জাতিকাৰ ওপৰত পৰে৷ কেইদিনমানৰ পাছতেই বুধৰ মাৰ্গী দশা৷ বুধ গ্ৰহৰ মাৰ্গী দশাত কেইটামান ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ৷ ৭ এপ্ৰিলত বুধে চিধা পথেৰে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিব৷ বুধৰ এই যাত্ৰা একাধিক ৰাশিৰ জাতক জাতিকাৰ বাবে সুখৰ হব৷ বুধৰ মাৰ্গী দশাৰ ফলত কোন কোন ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব?
বৃষ ৰাশি
এই সময়ত আপোনাৰ আয় ব্যাপক হাৰত বৃদ্ধি পাব৷ আয়ৰ নতুন নতুন উৎস মুকলি হব৷ বিনিয়োগত লাভৰ যোগ তৈয়াৰ হব৷ হঠাৎ আপোনাৰ হাতলৈ ধন আহিব৷ শ্বেয়াৰ বজাৰ সম্পৰ্কিত ক্ষেত্ৰত যদি ধন বিনিয়োগৰ কথা ভাৱিছে তেন্তে লাভ হব আপোনাৰ৷ আপোনাৰ কথাৰ প্ৰভাৱ বিভিন্ন দিশত পৰিব পাৰে৷ সন্তানৰ সৈতে জড়িত কোনো শুভ খবৰ পাব পাৰে৷
কৰ্কট ৰাশি
বুধে আপোনাৰ ৰাশিৰ নৱমভাৱত অৱস্থান কৰিব৷ এই সময়ত আপোনাৰ ভাগ্য চমকি উঠিব৷ আপুনি কোনো ধৰ্মীয় কামত অংশ লব পাৰে৷ ধৰ্ম কৰ্মৰ কামত আপোনাৰ ৰুচি বাঢ়িব৷ চাকৰিয়ালৰ বাবে নতুন চাকৰি লাভৰ যোগ আছে৷ আৰ্থিক দিশৰ পৰা এই সময় খুবেই ভাল৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভ কৰিব৷
মীন ৰাশি
বুধ গ্ৰহই আপোনাৰ লগ্নভাৱে মাৰ্গী হব পাৰে৷ আপোনাৰ একাগ্ৰতা এই সময়ত বাঢ়িব পাৰে৷ আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷ ফলত বুদ্ধিৰে ভাল সিদ্ধান্ত লব পাৰিব৷ কামৰ দিশৰ পৰা আপুনি সাফল্য পাব৷ বিবাহিতসকলে জীৱনত ভাল উন্নতি কৰিব পাৰে৷ অবিবহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ পাৰ্টনাৰশ্বিপৰ কামত লাভ পাব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ