বিভিন্ন গ্ৰহৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ বৰ্তমান যেনেকৈ বৃষ ৰাশিত বহুকেইটা গ্ৰহৰ যুঁটি গঠন হৈছে তেনেকৈ জুন মাহৰ মাজভাগতেই কেইবাটাও গুৰুত্বপূৰ্ণ যুঁটি গঠন কৰিব কেইটামান গ্ৰহই৷ চলিত মাহৰ আৰম্ভণিতেই অস্ত গৈছে বুধ আৰু শুক্ৰ৷ প্ৰথমে বিগত ১ জুনত অস্ত গৈছিল বুধ আৰু তাৰপাছতেই ৩জুনত শুক্ৰ গ্ৰহও অস্ত গৈছে৷ অস্ত যোৱাৰ ফলত এই দুই গ্ৰহৰ ক্ষমতা পূৰ্বৰ পৰাই হ্ৰাস পাইছে৷ ইয়াৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত লক্ষ্য কৰা যাব৷ উল্লেখ্য যে বিষয় এয়াই যে মিথুন আৰু কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ আৰু বৃষৰ লগতে তুলা ৰাশিৰ জাতকৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ বুধ আৰু শুক্ৰ অস্ত যোৱাত এই ৪ৰাশিৰ জাতকৰ জীৱনত গুৰুত্বপূৰ্ণ প্রভাৱ পৰিব৷
বৃষ ৰাশি
বৃষ ৰাশিত বৰ্তমান কেইবাটাও গ্ৰহই অৱস্থান কৰিছে৷ এইসমূহ গ্ৰহৰ মিলিত প্ৰভাৱে কিছু পৰিমানে মানসিক চাপত পেলাব বৃষ ৰাশিৰ জাতকক৷ অন্যহাতে এই ৰাশিত সূৰ্যৰ অৱস্থানৰ প্ৰভাৱত আত্মবিশ্বাস বৃদ্ধি পাইছে বৃষ ৰাশিৰ জাতকৰ৷ নিজৰ ইচ্ছাশক্তিৰ জোৰত সকলো বাধা অতিক্ৰম কৰি আপুনি আগুৱাই যাব৷ অতিৰিক্ত আত্মবিশ্বাসৰ কাৰণে কিছু ক্ষতি হ’ব পাৰে৷ পৰিয়ালত পিতৃৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ কোনো চৰকাৰ বিৰোধী কথাবাৰ্তা ভুলতো নকব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ৷ বৰ্তমান বুধ অস্ত গৈছে৷ এই সময়ত নানান দিশৰ পৰা ভাগ্য খোল খোৱাৰ সম্ভাৱনা আছে মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ কোনো বিশেষ ব্যক্তিৰ সৈতে বাৰ্তালাপ হ’ব পাৰে৷ যাৰ দ্বাৰা আপুনি লাভাম্বিত হ’ব৷ এই সময়ত আপুনি বজাৰ সমাৰ কৰিব পাৰে৷ নতুন ঘৰ তৈয়াৰ কৰাৰ পৰিকল্পনা থাকিলে সফল হ’ব৷ আপোনাৰ ভাতৃ-ভগ্নীৰ স্বাস্থ্য কিছু বেয়া হ’ব পাৰে৷ চৰকাৰী প্ৰকল্পৰ টকা বিনিয়োগ কৰিলে আৰ্থিকভাৱে লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷
কন্যা ৰাশি
মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ অস্তগামী শুক্ৰৰ প্ৰভাৱত জীৱনসংগীৰ সৈতে কোনো সমস্যাত পৰিব পাৰে কন্যা ৰাশিৰ জাতক৷ এই সময়ত ভ্ৰমণ কৰিলে ভাল ফলাফল পাব৷ আপুনি যদি কোনো তীৰ্থস্থানলৈ যায় তেন্তে এই সময়ত শুভ ফল পাব৷ কোনো সিদ্ধান্ত লোৱাৰ সময়ত জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক৷ নিজৰ কামত সফলতা পাব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব৷
তুলা ৰাশি
তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ অস্তগামী শুক্ৰৰ প্ৰভাৱত এই সময়ত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ স্বাস্ত্য খুব এটা ভালে নাথাকিব৷ আত্মবিশ্বাস কিছু কমিব৷ হঠাৎ যদি আপোনাৰ খং বাঢ়ে তেন্তে ধ্যান কৰাৰ পৰামৰ্শও দিয়া হৈছে৷ ভাগ্যৰ উপৰত নিৰ্ভৰ নকৰি পৰিশ্ৰম কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ