২০২৬ চনৰ দ্বিতীয় মাহত, বুধ আৰু শুক্ৰৰ সংযোগত এক শক্তিশালী ৰাজযোগ তৈয়াৰ কৰিব৷ জ্যোতিষশাস্ত্ৰৰ হিচাপত কোৱা হৈছে ফেব্ৰুৱাৰীত তৈয়াৰ হোৱা এই ৰাজযোগ প্ৰায় ২৫ দিন স্থায়ী হব৷ জ্ঞানৰ গ্ৰহ বুধে ৩ ফেব্ৰুৱাৰী ২০২৬ত শনিৰ ৰাশি কুম্ভত প্ৰৱেশ কৰিব৷ ৬ ফেব্ৰুৱাৰী ২০২৬ত প্ৰেম আৰু সম্পদৰ গ্ৰহ শুক্ৰই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ যাৰ ফলত কুম্ভ ৰাশিত শক্তিশালী লক্ষ্মীনাৰায়ণ ৰাজযোগ তৈয়াৰ হব৷ এই ৰাজযোগ ২ মাৰ্চৰ নিশা ১.০১ মিনিট পৰ্যন্ত সক্ৰিয় থাকিব৷ যিয়ে বিশেষ ৪টা ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পেলাব৷ লাভৱান হ’ব কোন কোন ৰাশি?
বৃষ ৰাশি
লক্ষ্মী নাৰায়ণ ৰাজযোগ বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব৷ কৰ্মক্ষেত্ৰত উন্নতিয়ে তেওঁলোকৰ বাবে উল্লেখযোগ্য আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে৷ ভাগ্য হঠাৎ পৰিবৰ্তন হব৷ আৰ্থিক প্ৰকল্পক লৈ নতুনতৈ ভাৱনা আৰু চিন্তা কৰাৰ বাবে ভাল সময়৷ এই সময়ত বিনিয়োগৰ পৰা বিশেষ লাভ অৰ্জন কৰিব পাৰে৷ পৰিয়ালত শান্তি আৰু সুখ বৰ্তি থাকিব৷ আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব৷
মিথুন ৰাশি
লক্ষ্মী নাৰায়ণ ৰাজযোগে মিথুন ৰাশিৰ বাবে ইতিবাচকতা কঢ়িয়াই আনিব৷ শুভ সময় আৰম্ভ হব৷ নতুন চাকৰিৰ আকাঙ্ক্ষা পূৰ্ণ হব৷ আয়ৰ ঊৰ্ধ্বগতি পুৰণি ঋণ পৰিশোধ কৰাত সহায় কৰিব৷ খৰচ কমিব ফলত সঞ্চয় বাঢ়িব পাৰে৷ ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে৷ গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে এই সময় ভাল সময়৷ পাৰিবাৰিক সম্প্ৰীতি বৃদ্ধি পাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত লক্ষ্মী নাৰায়ণ ৰাজযোগে ইতিবাচক প্রভাৱ পেলাব৷ সাফল্য আৰু লাভৰ পথ উন্মুক্ত হব৷ ব্যৱসায়ত অপ্ৰত্যাশিত লাভ আৰু আৰ্থিক প্ৰবাহৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত দৰমহা বৃদ্ধি বা পদোন্নতি হব পাৰে৷ ২৫ দিনৰ জীৱনৰ বহু শুভ পৰিবৰ্তন আহিব৷ জাতকে শান্ত আৰু সংযত থাকিব৷ যিয়ে তেওঁলোকৰ সাফল্যৰ পথত আগুৱাই যোৱাত সহায়ক হব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে লক্ষ্মী নাৰায়ণ ৰাজযোগ অত্যন্ত শুভ হ’ব পাৰে৷ খৰচ বৃদ্ধি পাব৷ একাধিক উৎসৰ পৰা আয় হব পাৰে৷ পুৰণি বিনিয়োগৰ পৰা উল্লেখযোগ্য লাভৰ সম্ভাৱনা আছে৷ স্থগিত প্ৰকল্প বা অসমাপ্ত কাম শেষ কৰাৰ বাবে এই সময় ভাল সময়৷ প্ৰেমৰ বাবে এয়া ভাল সময়৷ সম্পৰ্কত গভীৰতা বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















