• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি হ’ব মৰিয়নিৰ ৰাজনৈতিক ভৱিষ্যত? বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অবিহনে অসম্ভৱ হ’ব বিজেপিক প্ৰতিহত কৰা

কি হ’ব মৰিয়নিৰ ৰাজনৈতিক ভৱিষ্যত? বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অবিহনে অসম্ভৱ হ’ব বিজেপিক প্ৰতিহত কৰা

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কি হ’ব মৰিয়নিৰ ৰাজনৈতিক ভৱিষ্যত? বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অবিহনে অসম্ভৱ হ’ব বিজেপিক প্ৰতিহত কৰা

editor by editor
October 1, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
কি হ’ব মৰিয়নিৰ ৰাজনৈতিক ভৱিষ্যত? বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অবিহনে অসম্ভৱ হ’ব বিজেপিক প্ৰতিহত কৰা
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  মৰিয়নি বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই ৰাজনৈতিক বতাহ তীব্ৰতৰ হৈ উঠিছে । ইতিমধ্যে নিৰ্বাচন আয়োগে ৩০ অক্টোবৰ উপ-নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ পিছত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা অধিক বৃদ্ধি পাইছে । ৰাজ্যৰ আন সমষ্টিৰ উপ নিৰ্বাচনতকৈ মৰিয়নিৰ উপ নিৰ্বাচন যে সুকীয়া হ’ব সেই কথা ইতিমধ্যেই ৰাজনৈতিক মহলত চৰ্চিত হৈছে । সুদীৰ্ঘদিন কংগ্ৰেছৰ হাতত থকা মৰিয়নিৰ আসনখন এইবাৰ কংগ্ৰেছে নিজৰ হাতত ৰাখিব পাৰিবনে ? নে বিজেপিলৈ যোৱাৰ পিছত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি সমষ্টিটোত সমাপ্ত হ’ব ! এতিয়া সকলোৰে মুখে মুখে সেই কথাই বাগৰিব লাগিছে । স্বাধীনতাৰ পিছৰে পৰা মৰিয়নি বিধান সভা সমষ্টি কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিগণিত হৈ আহিছে I এইবাৰ পটভূমি কিছু সুকীয়া । প্ৰাৰ্থী একেজন হ’লেও এইবাৰ দল বেলেগ । বিজেপিক সমালোচনা কৰি অহা কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী এইবাৰ বিজেপিৰ প্ৰাৰ্থী হোৱা সম্ভাৱনা প্ৰায় নিশ্চিত । চাৰিবাৰৰ বিধায়ক হোৱা বাবেই সমষ্টিটোত ৰূপজ্যোতিৰ সমৰ্থকৰ সংখ্যাও নিঃসন্দেহে সৰ্বাধিক ।

যদি সেইয়াই হয় তেনেস্থলত বিজেপিৰ বিৰোধীৰ বাবে ৰূপজ্যোতিক ৰোধা সম্ভৱ হ’বনে ? এতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰ কৰিছে বিজেপিৰ জয় পৰাজয় । মৰিয়নি সমষ্টিত বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী দলসমূহ একগোট হ’বই লাগিব । অন্যথা মৰিয়নিত বিজেপিক ৱাক অভাৰ দিয়াৰ দৰে হ’ব । বিশেষকৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাৰ অতিকৈ প্ৰয়োজন আছে । কংগ্ৰেছৰ দূৰ্গস্বৰূপ মৰিয়নি সমষ্টিত শেহতীয়াকৈ ৰাইজৰ দলেও সাংগাঠানিক কুচকাৱাজ অধিক গতিশীল কৰি তুলিছে । তৎস্বত্বেও সমষ্টিটোত বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তি অৰ্জন বৰ্তমানলৈকে গোটাব পৰা নাই । একেদৰে ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত স্বাভাবিকতে সমষ্টিটোত ক্ষতিৰ সন্মুখীন হৈছিল কংগ্ৰেছ । দলটো সম্পূৰ্ণৰূপে শক্তিশালী হ’বলৈ হয়তু আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব । ইতিমধ্যে ৰাইজৰ দল আৰু কংগ্ৰেছ দলে সমষ্টিটোত নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে । শেহতীয়াকৈ অসম জাতীয় পৰিষদেও সমষ্টিটোত  নিজৰ অভিযান আৰম্ভ কৰিছে যদিও নিৰ্বাচনত প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা তেনেই ক্ষীণ । অজাপই বিশেষকৈ বিজেপি বিৰোধী শক্তিক সমৰ্থন কৰাৰ সম্ভাৱনাই অধিক । কিন্তু তাৰ মাজতে দলটোৱে সমষ্টিটোত নিজৰ স্থিতি মজবুত কৰিব বিচাৰিছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে একাধিক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজৰ মাজত সোমোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অনুৰূপ ধৰণে কংগ্ৰেছ দলেও বিভিন্ন সভা সমিতিৰ যোগেদি ৰাইজৰ কাষ চাপিছে । বিজেপিৰ হৈ ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ অভিযান চলাই আছে । কিন্তু সবাতোকৈ চৰ্চিত প্ৰসংগটো হৈছে বিজেপিৰ বিৰুদ্ধে যুঁজ কোনে দিব ? কংগ্ৰেছ, ৰাইজৰ দল, অজাপ নে সেয়া উমৈহতীয়া প্ৰাৰ্থী হ’ব ? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই মৰিয়নিত কোৱা মতে- ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে মন মিলিছে । কিন্তু শেহতীয়াকৈ অখিল গগৈৰ প্ৰতি যেন বিতুষ্ট হৈ পৰিছে ভূপেন বৰা । ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ ‘মিত্ৰতা’ ক্ৰমশঃ নোহোৱাৰ দিশে গতি কৰিছে । যাৰ বাবে নিজাকৈ প্ৰাৰ্থী দিয়াৰ কথা চৰ্চালৈ আহিছে । তাৰ বিপৰীতে শেহতীয়াকৈ মৰিয়নিলৈ অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগন্তুক উপ-নিৰ্বাচন সুকীয়া সুকীয়াকৈ খেলাৰ পোষকতা কৰিছে । ২০২৪ চনৰ লোকসভা আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনহে একেলগে খেলাৰ ওপৰত ভূপেন বৰাই গুৰুত্ব দিয়া বুলিও অখিল গগৈয়ে উল্লেখ কৰিছিল । অৱশ্যে ৰাইজৰ দলৰ সভাপতিজনে মৰিয়নি সমষ্টিত ৰাইজৰ দলে নিজাকৈ প্ৰাৰ্থী দিয়া বিষয়টো এতিয়াও নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰি শীঘ্ৰেই সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰিছিল । তাৰ লগতে কংগ্ৰেছ আৰু ৰাইজৰ দলে উমৈহতীয়া প্ৰাৰ্থী দিয়া প্ৰসংগটো এতিয়াও শেষ হৈ যোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যদিও কংগ্ৰেছ মহলে সেয়া ইতিমধ্যেই প্ৰায় নস্যাৎ কৰিছে । ইফালে, কংগ্ৰেছ দলৰ পৰা কেইবাজনেও প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে ।জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বাঘচোং ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হেমকান্ত বুঢ়াগোঁ‌হাই, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এসময়ৰ বিশেষ কৰ্তব্যৰত বিষয়া পুতুল বুঢ়াগোঁ‌হাই, যুৱ ব্যৱসায়ী – কংগ্ৰেছ কৰ্মী লুহিত কোঁ‌ৱৰ ( অভিজিত ), অধিবক্তা মামনী ৰাজকুমাৰী, কৃষ্ণা গগৈ, ৰাজলক্ষ্মী কোঁ‌ৱৰ, সুৰেন তাঁ‌তী, অনন্তজ্যোতি ভট্টাচাৰ্য, ৰাতুল কুৰ্মী আৰু বাবুল বাৰথাই ইতিমধ্যে কংগ্ৰেছ নেতৃত্বৰ ওচৰত প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলৰো একাধিক ব্যক্তিৰ নাম ওলাইছে যদিও শেহতীয়াকৈ যুৱ সমাজকৰ্মী সঞ্জীৱ গগৈৰ নাম অধিক চৰ্চালৈ আহিছে । এই সন্দৰ্ভত সচেতন ৰাইজৰ মতে, মৰিয়নিত বিজেপি বৰ্তমান শক্তিশালী অৱস্থাত আছে । সেই বিজেপিক প্ৰতিহত কৰিবলৈ হ’লে বিজেপি বিৰোধী শক্তি একগোট হ’ব লাগিব । যি দলৰেই প্ৰাৰ্থী নহওঁ‌ক তেওঁক উমৈহতীয়াভাৱে সকলো দলেই নিস্বাৰ্থ সমৰ্থন জনালেহে বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা থাকিব । অন্যথা সকলো ফুটুকাৰ ফেন হোৱাৰ সম্ভাৱনা অধিক ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24by-election assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
চহিদক অপমান! বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু, পুত্তলিকা দাহ

চহিদক অপমান! বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু, পুত্তলিকা দাহ

উপ-নিৰ্বাচন, গোসাঁইগাঁও সমষ্টিৰ ৰেহৰূপ

উপ-নিৰ্বাচন, গোসাঁইগাঁও সমষ্টিৰ ৰেহৰূপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.