অসম লাইভ ২৪ঃ এশ শতাংশ নিৰামিষ কে’ডবেৰী চকলেট। চকলেট তৈয়াৰ কৰোতে কে’ডবেৰীয়ে ব্যৱহাৰ নকৰে জেলাটিন। সোমবাৰে এইসন্দৰ্ভত স্পষ্টীকৰণ দিয়ে চকলেট তৈয়াৰী কোম্পানী কে’ডবেৰীয়ে। কে’ডবেৰী চকলেট বৰ্জনক লৈ সম্প্ৰতি ছ’চিয়েল মিডিয়াত বিতৰ্ক চলি থকাৰ সময়তে কে’ডবেৰীয়ে দিয়ে এই স্পষ্টীকৰণ। একাংশৰ মতে কে’ডবেৰী চকলেটত গো-মাংস থাকে। গতিকে কেডবেৰী চকলেট বৰ্জনৰ আহ্বান জনাইছে ছ’চিয়েল মিডিয়াত। এনেদৰে চকলেট তৈয়াৰ কৰি বিক্ৰী কৰাৰ বাবে ভাৰতীয় হিন্দুসকলে কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো পোষকতা কৰিছে একাংশই। ইয়াৰ বিপৰীতে, কে’ডবেৰীয়ে ভাৰতত তৈয়াৰ কৰা সকলো দ্ৰব্য সম্পূৰ্ণৰূপে নিৰামিষ বুলি দাবী জনাইছে। স্ক্ৰীনশ্বটসহ টুইটাৰত স্পষ্ট কৰি দিয়ে Mondelez India ই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















