অসম লাইভ ২৪ঃ ক’ভিড প্ৰতিষেধক ল’লেনে? ল’লে যদি কোন বিধ প্ৰতিষেধক ল’লে? ক’ভাক্সিন নে ক’ভিচীল্ড? কৰ’না প্ৰতিষেধকক লৈ বিতর্ক অব্যাহত থকাৰ সময়তে এক আৰ টি আইৰ জৰিয়তে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ক’ভাক্সিনত গৰুৰ ছিৰাম ব্যৱহাৰ। ক’ভাক্সিন উৎপাদনত গৰু পোৱালিৰ ছিৰাম ব্যৱহাৰৰ তথ্য পোহৰলৈ আনিছে কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ পাধিয়ে। টুইটাৰত এই তথ্য প্ৰকাশ কৰি গৌৰৱ পাধিয়ে কয়, ক’ভাক্সিনত ২০ দিনীয়া গৰু পোৱালিৰ ছিৰাম ব্যৱহাৰ হৈছে। এই তথ্য মোদী চৰকাৰে স্বীকাৰ কৰিছে। এই তথ্য চৰকাৰে আগতীয়াকৈ ৰাজহুৱা কৰা প্ৰয়োজন আছিল। ছিৰাম কি? ছিৰাম হৈছে তেজৰ গোট মৰা অংশত ৰৈ যোৱা জুলীয়া অংশ। এই ছিৰামেই ক’ভাক্সিনত ব্যৱহাৰ হোৱা বুলি বিতর্কৰ সূত্ৰপাত হৈছে। প্ৰতিষেধক প্ৰস্তুত প্ৰক্ৰিয়াত গৰু পোৱালিৰ ছিৰাম ব্যৱহাৰ সন্দর্ভত চৰকাৰে স্পষ্টীকৰণ দি কৈছে যে প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গৰুৰ পোৱালিৰ ছিৰাম ব্যৱহাৰ কৰাটো সাধাৰণ কথা। প’লিঅ, ইনফ্লুৱেঞ্জা, ৰেবিছ আদি অন্যান্য প্ৰতিষেধক তৈয়াৰ কৰোঁতেও এনেদৰে ছিৰাম ব্যৱহাৰ কৰা হয়। ক’ভাক্সিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গৰু পোৱালিৰ ছিৰাম ব্যৱহাৰৰ কথা আংশিকভাৱে সত্য। বিষয়টো একাংশই আনদিশে নিবলৈ বিচৰা বুলিও চৰকাৰে কয়। প্ৰতিষেধকত কেনেদৰে ব্যৱহাৰ হয় গৰুৰ ছিৰাম? প্ৰকৃততে গৰুৰে নহয় আন জন্তুৰো ছিৰাম বিভিন্ন প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। প্ৰতিষেধক প্ৰস্তুতি পর্বত এই ছিৰাম ব্যৱহাৰ কৰি ভেৰ’ চেল বা কোষ সৃষ্টি কৰে। ভেৰ’ কোষ সৃষ্টি কৰাৰ পাছত গৰুৰ ছিৰাম ধুই পৰিষ্কাৰ কৰে। মূল প্ৰতিষেধকত নাথাকে জন্তুৰ ছিৰামৰ কোনো অৱশিষ্ট। ক’ভাক্সিনৰ প্ৰস্তুতকর্তা ভাৰত বায়’টেকেও এই সন্দর্ভত স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে। তেওঁলোকে কৈছে মূল প্ৰতিষেধকত গৰুৰ পোৱালিৰ ছিৰামৰ নামমাত্ৰও একো নাই। ক’ভাক্সিনৰ প্ৰস্তুতি পর্বতহে এই ছিৰাম ব্যৱহাৰ হৈছে। বিভিন্ন প্ৰতিষেধক তৈয়াৰ কৰোঁতে গৰু পোৱালিৰ ছিৰাম বিশ্বব্যাপী ব্যৱহাৰ হৈ আহিছে, এই ক্ষেত্ৰত অনর্থক বিতর্ক হ’ব নালাগে। কিন্তু ইমানতে শেষ হোৱা নাই ভেকচিন বিতর্ক। ক’ভিছিল্ডক লৈয়ো সৃষ্টি হৈছে নতুন বিতর্কৰ। ক’ভিছিল্ডৰ দুটা পালি লোৱাৰ সময় চৰকাৰে বৃদ্ধি কৰিছিল। কিন্তু সম্প্ৰতি ক’ভিছিল্ডৰ দুটা পালিৰ মাজৰ ব্যৱধান বৃদ্ধিক লৈ বিতর্কৰ সূত্ৰপাত হৈছে। বিশেষজ্ঞৰ পৰামর্শ অবিহনে ক’ভিছিল্ডৰ দুটা পালিৰ মাজৰ ব্যৱধান মোদী চৰকাৰে বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰে ক’ভিড প্ৰতিষেধকৰ বাবে গঠন কৰা পৰামর্শ দান কমিটী নেচনেল টেকনিকেল এডভাইছৰি গ্ৰুপ অন ইউমিনাইজেশ্বনৰ সদস্যই উত্থাপন কৰিছে এই অভিযোগ। ক’ভিছিল্ডৰ দুয়োপালি প্ৰতিষেধক প্ৰদানৰ সময় ৬-৮ সপ্তাহৰ পৰিৱর্তে ১২-১৬ সপ্তাহলৈ মোদী চৰকাৰে স্বেচ্ছাই বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে কমিটীৰ সদস্য তথা ৰাষ্ট্ৰীয় এপিডেমিয়লজীৰ প্ৰাক্তন সঞ্চালক এম ডি গুপ্তা আৰু তেওঁৰ সতীর্থ মেথিও ভার্গিছ আৰু ক’ভিড ৱর্কিং গ্ৰুপৰ সদস্য জে পি মুলিয়েলিৱে। তেওঁলোকৰ প্ৰশ্ন হ’ল চৰকাৰে দুয়ো পালিৰ ব্যৱধান ৮-১২ সপ্তাহ কৰিব পাৰে, কিন্তু ১২-১৬ সপ্তাহ কিহৰ ভিত্তিত কৰিলে? ব্যৱধান ১২-১৬ সপ্তাহ কৰিবলৈ কোনো পৰামর্শ কমিটীয়ে দিয়া নাই বুলি তেওঁলোকে দাবী কৰে। বিজ্ঞানীসকলৰ এই মন্তব্যত চৰম অস্বস্তিৰ সন্মুখিন হৈছে মোদী চৰকাৰে। লগে লগে স্পষ্টীকৰণ দি চৰকাৰে ক’লে এয়া বিশেষজ্ঞৰ পৰামর্শ অনুসৰিহে কৰা হৈছে। ক’ভিড 19 ৱর্কিং গ্ৰুপ এণ্ড ষ্টেণ্ডিং টেকনিকেল ছাব কমিটী অব নেচনেল টেকনিকেল এডভাইছৰি গ্ৰুপ অন ইউমিনাইজেশ্বনৰ সর্বসন্মত পৰামর্শ অনুসৰিহে ক’ভিছিল্ডৰ দুটা পালিৰ মাজৰ ব্যৱধান বৃদ্ধি কৰা বুলি প্ৰেছ বিবৃতি দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ