‘কেজৰিৱালে মনীশ শিশোদিয়াৰ ওপৰত জাপি দিলে সকলো দোষ’ চিবিআইৰ ডাঙৰ দাবী
দিল্লীৰ সুৰা কেলেংকাৰীত ক্ৰমাৎ বৃদ্ধি পাইছে অৰবিন্দ কেজৰিৱালৰ অশান্তি। অৰবিন্দ কেজৰিৱালক সন্দৰ্ভত আদালতত ডাঙৰ দাবী চি বি আইৰ। দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত অৰবিন্দ কেজৰিৱালে সমগ্ৰ দোষ মনীষ ছিছ’দিয়াৰ ওপৰত জাপি দিছে বুলি আদালতত চিবিআইয়ে দাবী কৰিছে।
চিবিআইয়ে কয় যে অৰবিন্দ কেজৰিৱালক জেৰা কৰাৰ প্ৰয়োজন আছে। চিবিআইৰ দাবী যে অৰবিন্দ কেজৰিৱালে আবকাৰী নীতিৰ বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল বুলি কৈছে। বুধবাৰে তদন্তকাৰী সংস্থাটোৱে ৰাউছ এভিনিউ আদালতৰ পৰা অৰবিন্দ কেজৰিৱালক ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল।
আচলতে চিবিআইয়ে বুধবাৰে ৰাউছ এভিনিউ আদালতত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছতো শুনানি অব্যাহত থাকে। ইয়াৰ মাজতে চিবিআইয়ে নিজৰ কাৰ্য্যৰ সপক্ষে বহু যুক্তি আগবঢ়ায়। চিবিআইয়ে কয় যে উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিন স্থগিত ৰখাৰ পিছতহে আমি গ্ৰেপ্তাৰ কৰিলোঁ। আদালতে চিবিআইক গ্ৰেপ্তাৰৰ কাৰণ বুজাবলৈ কৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চিবিআইয়ে দীঘলীয়া যুক্তি আগবঢ়ায়।
আনহাতে অৰবিন্দ কেজৰিৱালে নস্যাৎ কৰিছে সকলো অভিযোগ। আদালতত নিজৰ বক্তব্য ৰাখি কেজৰিৱালে কয় যে, তেওঁ কোনোধৰণ অভিযোগ কাৰোৰে ওপৰত জাপি দিয়া নাই।
চিবিআইৰ অধিবক্তাই কয় যে মই এই আদালতত সম্পূৰ্ণ দায়িত্ব লৈ কৈছো যে কেজৰিৱালক গ্ৰেপ্তাৰ কৰি ৰিমাণ্ডত ৰখাটো প্ৰয়োজনীয়। দিল্লী সুৰা কেলেংকাৰীৰ কালক্ৰম ব্যাখ্যা কৰি চিবিআইয়ে কয় যে এই নীতি ২০২১ চনৰ ২৫ মে’ত আহিছিল।
চিবিআইয়ে অভিযোগ তুলি কয় যে, ‘সকলো টকা নগদ ধনেৰে দিয়া হৈছে। প্ৰায় ৪৪ কোটি টকাৰ কথা আমি জানিবলৈ সক্ষম হৈছো। এই ধন কেনেকৈ গোৱাত উপস্থিত হ’ল আৰু কেনেকৈ ব্যৱহাৰ কৰা হ’ল সেই কথাও আমি জানিবলৈ সক্ষম হৈছো। চানপ্ৰীত সিঙে গোৱাৰ প্ৰাৰ্থীক নিৰ্বাচনৰ বাবে ধন দিছে আনকি মুখ্যমন্ত্ৰী তাত থকাৰ বাবেও। নীতিৰ বাবে ৰাজহুৱা পৰামৰ্শ বিচৰা হৈছিল আৰু সেই পৰামৰ্শৰ লগত খেলা-ধূলা কৰা হৈছিল, সেইবোৰ ৰচনা কৰা হৈছিল। আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে যাতে আপোনালোক সদস্যসকলেহে মন্তব্য কৰিছিল। যেতিয়া এনেকুৱা হৈছিল তেতিয়া কিছুমান বিষয়া আছিল যিসকলে চহী কৰিবলৈ সাজু নাছিল। মই চহী নকৰো বুলি কোৱা বিষয়াজনক সলনি কৰা হ’ল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ