অসম লাইভ২৪ঃ দেশৰ মহিলাসকলক আৰ্থিকভাৱে স্বনিৰ্ভৰ কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। এই স্বনিৰ্ভৰশীল আঁচনিৰ নাম দিছে, ‘লাখপতি দিদি যোজনা’। লাখপতি দিদি যোজনাৰে কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আৰ্থিকভাৱে স্বনিৰ্ভৰ কৰিবলৈ যত্ন কৰিব। কিন্তু এনেই লাখপতি হ’ব নোৱাৰিব কোনো মহিলা। ইয়াৰবাবে কেইটামান বিশেষ প্ৰশিক্ষণ ল’ব লাগিব দেশৰ মহিলাসকলে।
দেশৰ মহিলাসকলক আৰ্থিকভাৱে স্বনিৰ্ভৰ কৰাৰ কথা প্ৰকাশ কৰি দিয়া বিজ্ঞাপনত কেন্দ্ৰীয় চৰকাৰে জনোৱামতে মহিলাসকলে ইয়াৰ বাবে বিশেষ প্ৰশিক্ষণ ল’ব লাগিব। নৰেন্দ্ৰ মোদীৰ চৰকাৰে স্কিল ডেভেলপমেণ্টৰ ট্ৰেনিং দি ২ কোটি মহিলাক স্বনিৰ্ভৰ কৰাব মোদী চৰকাৰে। লাখপতি হৈ পৰিব দেশৰ কোটি কোটি মহিলা।
এই প্ৰকল্প প্ৰকৃততে কি?
চৰকাৰ গঠনৰ লগে লগেই ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই প্ৰকল্প বাস্তৱায়ন কৰাৰ কাম আৰম্ভ কৰিছে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই জয়ছলমীৰৰ শ্বহীদ পুনম সিং ষ্টেডিয়ামত লাখপতি দিদি সন্মিলন অনুষ্ঠিত কৰে। তাতেই প্ৰধান অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। তেওঁ এই অনুষ্ঠানৰ পৰাই ৰাজস্থানৰ ১১.২৪ লাখ মহিলাই লাখপতি দিদি প্ৰকল্পৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰে। এই অনুষ্ঠানতেই ৰাষ্ট্ৰপতিয়ে কয় যে, ৰাজস্থানৰ প্ৰায় ৩লাখ মহিলাই ইয়াৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ মাজত প্ৰায় ১৫০ কোটি টকাৰ চেকো বিতৰণ কৰা হৈছে। মহিলাসকলে এখন অনলাইন ফৰ্ম পূৰণ কৰি এই স্কিমৰ সুবিধা লাভ কৰিব পাৰিব বুলি জনাইছে। স্বনিৰ্ভৰ হোৱাৰ উপৰিও মহিলাসকলে ইয়াৰ জৰিয়তে বহু সমস্যাৰ পৰাই মুক্ত হৈ পৰিব।
লাখপতি দিদিৰ কথা প্রধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল স্বাধীনতা দিৱসৰ দিনাই। তেওঁ এই প্ৰকল্পৰ উদ্বোধন কৰি কৈছিল যে, এই আঁচনিয়ে দেশৰ ১০ কোটি মহিলাক উপকৃত কৰিব। এই স্বনিৰ্ভৰ আঁচনিৰ নাম দিয়া হৈছে, বেংকৱালী দিদি, অঙ্গনবাড়ী দিদি, মেডিচিনৱালী দিদি।
এই আঁচনিৰ অধীনত মহিলাসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰমাধ্যমেৰে তেওঁলোকে অৰ্থ উপাৰ্জন কৰিব পাৰে। ইয়াৰোপৰি এই প্ৰকল্পৰ অধীনত স্বনিৰ্ভৰ গোষ্ঠীসমূহৰ সৈতে যুক্ত মহিলাসকলক LED বাল্ব, প্লাম্বিং, ড্ৰোন মেৰামতিৰ দৰে প্ৰযুক্তিগত কাম শিকোৱা হ’ব। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলাসকলক স্বাৱলম্বী কৰাৰ কথাও ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে।
এই প্ৰকল্পৰ কি কি সুবিধা আছে?
এই প্ৰকল্পৰ জৰিয়তে মহিলাসকলৰ দক্ষতা বৃদ্ধি, বৃত্তিমূলক প্ৰশিক্ষণ, ক্ষমতায়ন আৰু আত্মবিশ্বাস বাঢ়িব। ইয়াৰোপৰি বীমা আৰু ঋণৰ সুবিধাও লাভ কৰিব।
প্ৰকল্প লাভৰ যোগ্যতা
প্ৰকল্পৰ সুবিধা পাবলৈ মহিলাসকল সেই ৰাজ্যৰ স্থায়ী বাসিন্দা হ’ব লাগিব। মহিলাসকলক স্বনিৰ্ভৰ গোষ্ঠীৰ সৈতে যুক্ত কৰোৱাটো বাধ্যতামূলক। আৱেদন কৰাৰ সময়ত আধাৰ কাৰ্ড, আয়ৰ সমূহ তথ্য, বেংক একাউণ্ট নম্বৰ, মোবাইল নম্বৰ, পাছপোৰ্ট চাইজৰ ফটো দিয়াটো বাধ্যতামূলক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ