ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে
আজি ১৬ ডিচেম্বৰ মঙলবাৰে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ এক বৃহৎ ঘোষণা । অলিম্পক সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতে অলিম্পিক গেমছ আয়োজনৰ বাবে দাবী উত্থাপন তথা নিবিদা দাখিল কৰিব। ইয়াৰ বাবে ভাৰতে শক্তিশালী প্ৰচেষ্টাও চলাব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত চৰকাৰে ২০২৯ চনৰ যুৱ গ্ৰীষ্মকালীন অলিম্পিক আৰু ২০৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰাৰ বাবে এই নিবিদা দাখিল কৰিব।
ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো কয় যে, কেৱল অলিম্পিক আয়োজন কৰাৰ ইচ্ছাই নহয় ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছৰো আয়োজন কৰিব।
অলিম্পিক সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষ পাঁচ পদক বিজয়ী দেশৰ ভিতৰত স্থান লাভ কৰিব। কাৰণ ভাৰতৰ মাটিত এনে এক ক্ৰীড়াৰ আয়োজন কৰিব পাৰিলে দেশৰ খেলুৱৈসকলৰ মনোবল আৰু অধিক বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















