অসম লাইভ২৪ঃ লেণ্ডাৰ বিক্ৰমে সফলভাৱে ভৰি থলে চন্দ্ৰৰ দক্ষিণ মেৰুত৷ দক্ষিণ মেৰুত ভৰি দিয়া প্ৰথম দেশ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতে৷ ইছৰোৰ সফলতাৰ পাছতেই এতিয়া সৰ্বত্ৰতে ইছৰোৰ চৰ্চা৷ ইছৰোৰ বিজ্ঞানীৰ কঠোৰ পৰিশ্ৰম, সুচাৰু ব্যৱস্থাপনা, চৰকাৰী, বেচৰকাৰী সংস্থাৰ সহযোগিতাৰ সফল প্ৰয়াস চন্দ্ৰযান-৩৷ চন্দ্ৰযান-৩ক চন্দ্ৰপৃষ্ঠত উপস্থিত কৰোৱাত কেৱল ইছৰোই নহয় জড়িত হৈ আছে কেইবাটাও সংস্থা৷ ১০ টা চৰকাৰী-বেচৰকাৰী সংস্থা জড়িত হৈ আছে এই অভিযানৰ সৈতে৷ তিনি বছৰ ধৰি এই সংস্থাসমূহে প্ৰযুক্তিগত দিশত সহায় আগবঢ়াইছে চন্দ্ৰযান-৩ক৷ ইছৰোক সহায় কৰি আয়ৰ দিশেৰেও লাভৰ মুখ দেখিছে ১০ টা ব্যৱসায়িক সংস্থাই৷
ইছৰোক সহায় কৰা ১০ টা সংস্থা কি কি?
ইছৰোক চন্দ্ৰযান-৩ ৰ বাবে প্ৰযুক্তিগত দিশত সহায় কৰা ১০ টা সংস্থাৰ আটাইকেইটাই লেখত ল’বলগীয়া সংস্থা৷ এই অভিযানত বিশেষ ভুমিকা লৈছে ৰাষ্ট্ৰীয় সংস্থা হিন্দুস্তান এৰোনটিক্স লিমিটেডে৷ ১০ টা সংস্থাৰ তালিকাত আছে বিশ্বৰ অগ্ৰণী সংস্থা লাৰচেন এণ্ড টুব্ৰ(এল এণ্ড টি)৷ ইয়াৰোপৰি চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ আছে মিশ্ৰ ধাতু নিগম লিমিটেড, ৱালচান্দনগৰ ইণ্ডাষ্ট্ৰী, চেণ্টাং ইলেক্ট্ৰনিক্স, লিণ্ডে ইণ্ডিয়া, পৰশ ডিফেন্স এণ্ড স্পেছ টেকনলজি, এম টি আৰ টেকনলজি, গডৰেজ এৰস্পেছ সংস্থা, এল এণ্ড টি সংস্থা, হেড এণ্ড ছেগমেণ্ট, মিডল ছেগমেণ্ট, নজেল বাকেট ফ্লাঙ্গ পোয়াইয়েৰ কাৰখানা৷
ইছৰোৰ এটা সংস্থাই জনোৱা অনুসৰি চন্দ্ৰযানক গতিবৰ্ধক যন্ত্ৰপাতিৰ যোগান ধৰিছে এল এণ্ড টি সংস্থাই৷ ইফালে ৰাষ্ট্ৰীয় সংস্থা হিন্দুস্তান এৰোনটিক্স লিমিটেডে চন্দ্ৰযানক অত্যাধুনিক বেটেৰীৰ যোগান ধৰিছে৷ হিন্দুস্থান এৰোনটিক্স লিমিটেডৰ আন এক সংস্থা ৱেল্ডিং ৰিচাৰ্ছ ইনষ্টিটিউটে দুটা ধাতুৰে নিৰ্মিত এডপ্টাৰৰ যোগান ধৰিছে৷ এই এডপ্টাৰ আৰু বেটেৰীয়ে চন্দ্ৰপৃষ্ঠৰ অতি ঠাণ্ডাৰ মাজতো চন্দ্ৰযানক সক্ৰিয় কৰি ৰাখিছে৷
লেণ্ডাৰখনক যিখন ৰকেটত পঠিওৱা হৈছিল সেই সেই ৰকেট মিশ্ৰ ধাতুৰে নিৰ্মাণ কৰা হৈছিল৷ এই ৰকেট নিৰ্মাণত সহায় কৰিছিল মিশ্ৰ ধাতু নিগম লিমিটেডে৷ ইয়াৰোপৰি চন্দ্ৰযানৰ একাধিক সৰু-বৰ যন্ত্ৰ যোগান ধৰিছে এই সংস্থাই৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় সংস্থা নিউ স্পেছ ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰাও সহায় কৰা হৈছে চন্দ্ৰযান-৩ক৷ ইফালে ৱালচান্দনগৰ ইণ্ডাষ্ট্ৰীয়ে ইন্ধনৰ যোগান ধৰিছে ইছৰোক৷
ইছৰোৰ তৃতীয় চন্দ্ৰ অভিযানত মুঠ খৰচ হৈছে ৬১৫ কোটি৷ ইয়াৰ মাজত সফল উৎক্ষেপণ কৰিবলৈকে খৰচ হৈছে ৩৬৫ কোটি৷ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ বাবে খৰচ হৈছে ২৫০ কোটি৷ ২০০৮ চনত ইছৰোৰ প্ৰথম চন্দ্ৰাভিযানত খৰচ হৈছিল ৩৬৫ কোটি৷ ২০১৯ চনত চন্দ্ৰযান-২ পঠিয়াবলৈ খৰচ হৈছিল ৯৭৮ কোটি টকা৷ সেই অভিযান অৱশ্যে ব্যৰ্থ হয়৷
চন্দ্ৰযান-৩ৰ অভিযানেই ইছৰোৰ শেষ অভিযান নহয়৷ আগন্তুক দিনতো মহাকাশ অভিযানৰ বাবে একাধিক পৰিকল্পনা হাতত ৰাখিছে ইছৰোই৷ সূৰ্য সম্পৰ্কীয় বিস্তাৰিত খবৰ জানিবৰ বাবে ‘আদিত্য’ পঠিয়াব ইছৰোই৷ এই অভিযানত খৰচ হ’ব ৩৭৮ কোটি টকা৷ ২০২৪ ত ৰঙাগ্ৰহলৈ মঙলযান-৩ পঠিয়াব ইছৰোই৷ এই অভিযানৰ সাম্ভাৱ্য খৰচমূল্য এতিয়াও জনোৱা হোৱা নাই৷ এই সমূহ অভিযানতো একাধিক সংস্থাই ইছৰোক সহায় কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ