আৰ্থিক জালিয়াতি দিনে দিনে বাঢ়িব ধৰিছে৷ গ্ৰাহকৰ হাতৰ পৰা ধন কাঢ়ি নিয়াৰ ঘটনা প্ৰায়েই সংঘটিত হৈছে৷ ইফালে সম্প্ৰতি কিছু এটি এম মেছিন কাৰছাজি কৰি জালিয়াতিৰ ঘটনা সন্মুখলৈ আহিছে৷ এই পৰিস্থিতিত এটি এমৰ পৰা টকা তোলা সন্দৰ্ভত কিছু নতুন নিয়ম আৰম্ভ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা আৰ বি আইয়ে৷ ইয়াৰ সৈতে আৰ বি আইৰ তৰফৰ পৰা জনোৱা হৈছে যে গ্ৰাহকৰ নিৰাপত্তাৰ কথা মূৰত ৰাখি এই সমস্ত পৰিবৰ্তন অনা হৈছে৷
আৰ বি আইয়ে অনা পৰিবৰ্তন
সম্প্ৰতি এটিএমৰ পৰা কেছ উইথ্ৰৱেল বা টকা তোলাৰ নিয়মৰ পৰিবৰ্তন সংক্ৰান্তিয় বিষয়ত এক নিৰ্দেশিকা জাৰি কৰিছে আৰ বি আইয়ে৷ ২০১৮ চনৰ প্ৰাথমিক পৰিবৰ্তনৰ পাছত চলিত বছৰ অৰ্থাৎ ২০২৪ চনৰ ডিচেম্বৰ মাহত এই নিয়ম সংক্ৰান্তিয় বিষয়ত সৰু সৰু পৰিবৰ্তন অনা হৈছে৷ গ্ৰাহকৰ নিৰাপত্তা ৰক্ষা কৰা আৰু এটিএম জালিয়াতিৰ ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যেই মূলত অনা হৈছে এই সৰু সৰু পৰিবৰ্তন৷
নতুন ফিচাৰ
বহু সময়ত দেখা যায় যে এটিএমত গৈ মেছিনৰ পৰা ধন তোলাৰ সময়ত গ্ৰাহকে সেই টকা বহু সময়ত ল’বলৈ পাহৰি যায়৷ ইয়াৰ ফলত সেই ক্ষেত্ৰত টকা প্ৰতাৰকসকলৰ হাতলৈ যোৱাৰ আশংকা থাকে৷ কিন্তু নতুন নিয়ম অহাৰ ফলত এতিয়া এটিএমৰ পৰা টকা তোলাৰ সময়ত গ্ৰাহকে যদি টকা ল’বলৈ পাহৰি যায় তেতিয়া ৩০ ছেকেণ্ডৰ ভিতৰত সেই টকা আকৌ মেছিনৰ ভিতৰত সোমাই যাব৷ ইয়াৰ ফলত কোনোৱে ধন উঠাই ল’বলৈ পাহৰি গ’লেও অন্যই সেই ধন ল’ব নোৱাৰিব৷
নতুন নিয়মৰ পৰা গ্ৰাহকে কি সুবিধা পাব?
সম্প্ৰতি এটিএমৰ মেছিনৰ পৰা ধন তোলাৰ সময়ত জালিয়াতিৰ কিছু ঘটনা সন্মুখলৈ আহিছে৷ কিছু প্ৰতাৰকে এটিএম মেছিনৰ পৰা তুলি ল’বলৈ পাহৰিলে সেই ধন অন্য কোনো লোকে ল’ব নোৱাৰিব৷ নতুন পৰিবৰ্তন অহাৰ ফলত এটিএমৰ পৰা টকা তোলা আৰু নিৰাপদ হৈ উঠিব৷ ইয়াৰ সৈতে আৰ বি আইৰ আশা, আৰ্থিক জালিয়াতিৰ পৰিমাণো বহু পৰিমানে কমি যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















