নাৰীক লক্ষ্মীদেৱীৰ আন এটা ৰূপ মনা হয়৷ পুৰুষৰ ভাগ্য উদয় কৰে নাৰীয়ে৷ পত্নীগৰাকী কিছু বিশেষ গুণৰ অধিকাৰী হ’লে ভাগ্যৱান হয় তেওঁৰ স্বামী৷ চানক্য নীতিত উল্লেখ আছে এনে বহু গুৰুত্বপূৰ্ণ দিশ৷ পত্নী ৪ টা বিশেষ গুণৰ অধিকাৰী হ’লে সুখী তথা ভাগ্যশালী হয় তেওঁৰ স্বামী৷
পেচাগত জীৱনৰ উপৰিও সংসাৰৰ বিভিন্ন ক্ষেত্ৰত আমি সফলতা লাভ কৰাটোও জীৱনত অত্যন্ত জৰুৰী৷ সংসাৰত কিদৰে সুখী হ’ব পাৰে সেই সম্পৰ্কেও নীতিবাক্য উল্লেখ আছে চানক্য নীতিত৷ চানক্যনীতি অনুসৰি সেই চাৰিটা বিশেষ গুণ হ’ল—
ধাৰ্মিক
চানক্য নীতি অনুসৰি স্ত্ৰী যদি ধাৰ্মিক অথবা ৰীতি-নীতি মানি চলা বিধৰ হয় তেন্তে সেই স্ত্ৰীৰ স্বামী সুখী হয়৷ কেৱল সেয়াই নহয় ভাগ্যশালীও হয় স্বামী৷ নীতিশাস্ত্ৰই কৈছে, ধাৰ্মিক মহিলা ন্যায়-অন্যায়ৰ বিৰুদ্ধে পটু হয়৷ ফলত সাংসাৰিক জীৱন সঠিক দিশত আগবঢ়াই নিব পাৰে৷
সঞ্চয়ী
স্ত্ৰী যদি সঞ্চয়ী প্ৰকৃতিৰ হয়, ভাগ্যশালী হয় সেই নাৰীৰ স্বামী৷ চানক্য নীতিত উল্লেখ আছে এই কথা৷ কঠিন সময়ৰ বাবে অৰ্থ সঞ্চয় কৰা মহিলা পটু হয় আৰু সেয়া সংসাৰৰ পক্ষে সুফলদায়ক৷
আচাৰ-ব্যৱহাৰ
নীতিশাস্ত্ৰ অনুসৰি, যদি মহিলাগৰাকীৰ ব্যৱহাৰ মাৰ্জিত হয়, বিনয়ী হয় তেনে মহিলাৰ স্বামী খুবেই ভাগ্যশালী হয়৷ সামাজিক ৰীতি-নীতি মানি চলা নাৰী যি পৰিয়ালৰ বোৱাৰী হয় সেই পৰিয়ালত সুখ-সমৃদ্ধি সদায়েই অটুত থাকে৷
ধৈৰ্য
ধৈৰ্যশালী মহিলাৰ এক বিশেষ গুণ৷ ধৈৰ্যশীল মহিলাৰ সংসাৰ সুখদায়ক হয়৷ লগতে আনকো সুখী কৰি ৰাখে এইসকল মহিলাই৷ জীৱনৰ বহু কঠিন সময়ত মহিলাগৰাকীৰ ধৈৰ্যই বিভিন্ন বিপদৰ পৰা উদ্ধাৰ কৰে৷ যিসকল পুৰুষে জীৱনত ধৈৰ্যশীল মহিলাৰ পত্নী হিচাপে লাভ কৰে সেই পুৰুষৰ জীৱন সুখৰ হয়৷
পুৰুষসকলে জীৱনত এনে মহিলাৰ সন্ধান কৰিব লাগে যিয়ে তেওঁৰ ভৱিষ্যৎ জীৱনটো সুখৰ কৰি তুলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















