অসম লাইভ ২৪ঃ চৰ্চাত চিলীৰ নতুন ৰাষ্ট্ৰপতি গেব্ৰিয়েল ব’ৰিকৰ পোহনীয়া কুকুৰ ‘ব্ৰাউনী’৷ ছ’চিয়েল মিডিয়াত কম দিনৰ ভিতৰতে খুব জনপ্ৰিয় হৈ পৰিছে ব্ৰাউনী, ইনষ্টাগ্ৰামত আছে ব্ৰাউনীৰ ৩ লক্ষাধিক ফ’ল’ৱাৰচ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়া ষ্টাৰলৈ পৰিণত হৈছে ব্ৰাউনী আৰু দ্ৰুতগতিত ভাইৰেল হৈছে ব্ৰাউনীৰ ইণ্টাৰভিউৰ ভিডিঅ’৷
লগতে বন্ধু Dylan ৰ সৈতে ফেচটাইমত ভাৱ বিনিময় কৰাৰ ভিডিঅ’ই চৰ্চা লাভ কৰিছে৷ আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিৰ পোহনীয়া কুকুৰ Dylan৷ ব্ৰাউনীৰ সৈতে কৰা মত বিনিময়ৰ ছবি শ্বেয়াৰ কৰি Dylan য়ে লিখিছে ইমষ্টাগ্ৰামত- ‘আমি পৰস্পৰে কথা পাতি বিশ্বক আৰু আগুৱাই লৈ যাম’৷
View this post on Instagram
গেব্ৰিয়েলে ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰাৰ দিনাই ব্ৰাউনীৰ বাবে এটা ইনষ্টাগ্ৰান একাউণ্ট খুলিছিল৷ আৰু অতি কম দিনতে ৩ লাখতকৈ অধিক ফল’ৱাৰ্চ হৈছে ব্ৰাউনীৰ৷ চিলীৰ এটা মৰ্নিং শ্ব’ত ব্ৰাউনীয়ে ইণ্টাৰভিউ দিয়াৰ একন ফটোও ভাইৰেল হৈ পৰিছে৷ উল্লেখ্য, ১৯ ডিচেম্বৰত ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয় গেব্ৰিয়েল ব’ৰিক৷
মাত্ৰ ৩৫ বছৰ বয়সত ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰি বিশ্বৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতিৰূপে পৰিচিত হয় গেব্ৰিয়েল ব’ৰিক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ