অসম লাইভ ২৪ঃ চীন হাতাও, দেশ বাচাও। এই অভিযানেৰে আৰু এখোজ আগুৱালে ভাৰতে। এফালে ক’ৰোনা ভাইৰাছ, আনফালে সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে মোদী চৰকাৰে চীনৰ সৈতে থকা সকলো সম্পর্ক ছিন্ন কৰিছে। পূর্বতে সার্বভৌমত্ব আৰু নিৰাপত্তাৰ বাবে ১১৬টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে। এইবাৰ চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ পৰিমাণ হ্ৰাস কৰিলে ভাৰত চৰকাৰে। সীমান্তত সংঘর্ষৰ পাছতেই চীনা সামগ্ৰী বর্জন অভিযান অব্যাহত আছে। এই অভিযানৰ আঁত ধৰিয়েই চীনৰ পৰা ২৫ শতাংশ পণ্য সামগ্ৰীৰ আমদানি হ্ৰাস কৰিলে ভাৰতে। ইয়াৰ লগে লগে চীনে ৰপ্তানি কৰা পণ্যৰ পৰিমাণ কমিল ৬.৭ শতাংশলৈ। উল্লেখযোগ্য যে বছৰটোৰ আৰম্ভণিৰ পৰা ভাৰতে আর্থিক দিশত এইদৰে চীনক বিপদত পেলাই আহিছে। চীনে ভাবিছিল যে ভাৰতে চীনৰ পণ্য সামগ্ৰী ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰে। কিন্তু ভাৰতে প্ৰমাণ কৰি দিলে যে চীনৰ সামগ্ৰী ব্যৱহাৰ নকৰাকৈও ভাৰত টনকীয়াল। ইয়াৰ বাবে বহু ক্ষতিৰ সন্মুখীন হৈছে চীন চৰকাৰ। উল্লেখযোগ্য যে প্ৰতিবছৰে ৰাখীৰ বন্ধনৰ সময়ত ভাৰতত প্ৰায় ৬ হাজাৰ কোটি টকাৰ ব্যৱসায় হয়। এই ৬ হাজাৰ কোটি টকাৰ ভিতৰত ৪ হাজাৰ কোটি টকাৰ ৰাখী চীনৰ পৰা আমদানি কৰা হয়। কিন্তু এইবাৰ এদালো চীনা ৰাখী আমদানী হোৱা নাই। যাৰ ফলত ৪ হাজাৰ কোটি টকাৰ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে চীন চৰকাৰ। এইদৰে চীনা সামগ্ৰী বর্জন অব্যাহত আছে সমগ্ৰ দেশত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ