চীন মানেই নতুন নতুন টেকনলজিৰ আৱিষ্কাৰ৷ এনে বহু সামগ্ৰী আছে যিসমূহেৰে তেওঁলোকে বিশ্ব সহজেই জিনিব পাৰে৷ এইবাৰ মহাকাশতো শাসন কৰিবলৈ আগবাঢ়িছে চীন৷ ৰঙা চীনে মহাকাশত তৈয়াৰ কৰিছে নতুন স্পেছ ষ্টেচন৷ ৰোবোটিক্স বিজ্ঞানৰ দিশৰ পৰা চীনে বিশ্বক বহু বেছি পিছপেলাই আগুৱাইছে৷ এইবাৰ তেওঁলোকে মহাকাশৰ পৰা নিজৰ কাম চলাবলৈ আগবাঢ়িছে৷ মহাকাশত তেওঁলোকে তৈয়াৰ কৰিছে স্পেছ বেছড চলাৰ পাৱাৰ ষ্টেচন৷ ইয়াৰ ফলত তেওঁলোকে মহাকাশৰ পৰা তেওঁলোকৰ সমস্ত কাম নিয়ন্ত্ৰণ কৰিব পাৰিব৷ কেৱল সেয়াই নহয়, যদি তেওঁলোকে ইচ্ছা কৰে তেন্তে বিশ্বৰ বহু দেশৰ ওপৰত আক্ৰমণো কৰিব পাৰিব সহজেই৷
চীনৰ সংবাদপত্ৰৰ পৰা জনা গৈছে যে এনে তিনিটা বান্ধ আছে যিসমূহ চীনে নিজৰ নিয়ন্ত্ৰণত ৰাখিব খোজে৷ সেয়ে মহাকাশৰ এই স্পেছ ষ্টেচনসমূহ কামত লাগিব৷ ইয়াৰ ফলত চীনৰ হাতত অফুৰন্ত এনাৰ্জি আহিব যিয়ে আগন্তুক সময়ত বিশ্বৰ শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠিত কৰাত চীনক সহায় কৰিব৷ কেনেকৈ তৈয়াৰ হব এই স্পেছ ষ্টেচন? জনা গৈছে যে এক বিশালকায় আয়নাৰে তৈয়াৰ হব এই ষ্টেচন৷ এই আইনাই সূৰ্যৰ পৰা শক্তি আহৰণ কৰিব৷ তাৰপৰাই তৈয়াৰ হব বিদ্যুৎ৷ এই বিদ্যুতক তেওঁলোকে মহাকাশৰ পৰা পঠিয়াই দিব চীনৰ বিশেষ এনাৰ্জি ষ্টেচনলৈ৷ ফলত সেই দেশৰ বিদ্যুতৰ চাহিদা দূৰ হব৷
সৌৰশক্তি এক বিৰাট শক্তিৰ উৎস৷ সেই শক্তিক কামত লগাই মহাকাশৰ পৰা চীনে এই বিদ্যুৎ তৈয়াৰ কৰিব৷ এই শক্তিক যদি চীনে ইচ্ছা কৰে তেন্তে অন্য কোনো দেশ ধ্বংসৰ কামতো ব্যৱহাৰ কৰিব পাৰে৷ এই সমস্ত বিষয়টো এতিয়াও পৰীক্ষাৰ পৰ্যায়তেই আছে৷ বিশ্বৰ অন্য দেশসমূহে ধাৰণা কৰিছে যে যদি নিজৰ এই কামটো দ্ৰুততৰভাৱে কৰিবলৈ সক্ষম হয় তেন্তে বিশ্বৰ অন্য শক্তিধৰ দেশসমূহ চেলেঞ্জৰ মুখত পৰিব৷ তেতিয়াই চীনৰ সৈতে সংঘাত আৰু বৃদ্ধি হব পাৰে অন্য দেশসমূহৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ