অসম লাইভ২৪ঃ চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ গৱেষণাগাৰ তৈয়াৰৰ পৰিকল্পনা কৰিছে চীনে৷ ২০৪৫ চনৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলিও জনাইছে চীনৰ বিজ্ঞানীয়ে৷ প্ৰকল্পৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে বেইজিঙে৷ পৰিকল্পনা অনুসৰি ২০৪৫ চনৰ ভিতৰত চন্দ্ৰত বহুস্তৰীয় গৱেষণাৰ প্লেটফৰ্ম তৈয়াৰ কৰি উলিয়াব বুলি দাবী কৰিছে চীনে৷
চন্দ্ৰত যি গৱেষণাগাৰ তৈয়াৰৰ কথা কোৱা হৈছে সেই গৱেষণাগাৰৰ নামো ঠিক কৰিছে বেইজিঙে৷ এই গৱেষণাগাৰৰ নাম হ’ব ইণ্টাৰনেশ্ব্যনেল লুনাৰ ৰিচাৰ্ছ ষ্টেচন৷ মূলত দুটি ধাপত এই প্ৰকল্প বাস্তবায়নৰ পৰিকল্পনা আছে চীনৰ৷ প্ৰথম ঢাপটো ২০৩৫ চনৰ ভিতৰতেই সম্পন্ন হ’ব৷ চীনৰ পৰিকল্পনা অনুসৰি প্ৰথম ঢাপত চন্দ্ৰৰ দক্ষিণ মেৰুত গৱেষণাৰ প্ৰাথমিক কিছু আয়োজন কৰা হ’ব৷
নিয়মিত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু সীমিত সম্পদ ব্যৱহাৰৰ ভিত্তি তৈয়াৰ হ’ব প্ৰথম ঢাপৰ মূল লক্ষ্য৷ দ্বিতীয় ঢাপত আয়োজন আৰু কিছু আগুৱাই যাব৷ ২০৪৫ চনৰ ভিতৰত বিস্তৃত আৰু শক্তিশালী কৰি তোলা হ’ব চন্দ্ৰৰ গৱেষণাগাৰ৷ এই পৰ্যায়ত এটা মহাকাশ ষ্টেচনৰ পৰিকল্পনাও কৰিছে চীনে৷ ৷ যিয়ে চন্দ্ৰক প্ৰদক্ষিণ কৰিব আৰু চেন্ট্ৰেল হাব হিচাপে গৱেষণাত সহায় কৰিব৷ চন্দ্ৰত বিশেষ কেন্দ্ৰটো স্থাপনৰ এক ভিডিঅ’ শ্বেয়াৰ কৰিছে চীনে৷ দক্ষিণ মেৰুত তেওঁলোকৰ গৱেষণাগাৰৰ কাল্পনিক অৱস্থান আৰু কাৰ্যপ্ৰণালী দেখুওৱা হৈছে ভিডিঅ’টোত৷
দীৰ্ঘদিন ধৰি চীনৰ নজৰত আছে চন্দ্ৰ৷ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত পৃথিৱীৰ এই উপগ্ৰহটোৰ ওপৰতেই বেছি জোৰ দি আহিছে তেওঁলোকে৷ ইতিমধ্যে চন্দ্ৰলৈ তেওঁলোকে মহাকাশযান পঠিয়াইছে৷ চন্দ্ৰৰ চাৰিওফালে চীনৰ একাধিক কৃত্ৰিম উপগ্ৰহো আছে৷ বৰ্তমান পৰ্যন্ত চন্দ্ৰত মুঠ ৫খন দেশে মহাকাশযান পঠিয়াইছে৷ চন্দ্ৰৰ চাৰিওফালে চীনৰ একাধিক সক্ৰিয় কৃত্ৰিম উপগ্ৰহ আছে৷
বৰ্তমান পৰ্যন্ত চন্দ্ৰত মুঠ ৫খন দেশে মহাকাশযান পঠিয়াইছে৷ সেই দেশ কেইখন হৈছে ৰাছিয়া, আমেৰিকা, চীন, জাপান, ভাৰত৷ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱশ্যে চীনে কৃতিত্ব লাভ কৰিব পৰা নাই৷ সেই অংশ খুবেই দুৰ্গম যাৰ বাবে এতিয়ালৈকে চীনে দক্ষিণ মেৰু জয় কৰিব পৰা নাই৷ সূৰ্যৰ পোহৰো সেই অংশত ভালদৰে নপৰে৷ ফলত সকলো সময়তে আন্ধাৰেই হৈ থাকে সেই অঞ্চলত৷ চন্দ্ৰৰ এই অংশত পানী থকাৰো সম্ভাৱনা আছে৷ সম্ভাৱনাময় দক্ষিণ মেৰুত সেয়ে ভাৰতেও যান পঠিয়াইছে৷ অৱশেষত ভাৰতত পাছে পাছেই আগবাঢ়িছে চীন৷ চীনেও চন্দ্ৰত নিজৰ আধিপত্য় বিস্তাৰৰ বাবে সকলো প্ৰকাৰেই এতিয়া সাঁজু হৈ উঠিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ