চিনি পাইছেনে কোন! জাৰ্চি বাংগালুৰুৰ, পাগুৰি পাঞ্জাৱৰ, দুয়ো দলৰ সমৰ্থনত দৰ্শকৰ আসনত
উত্তপ্ত উৎকণ্ঠাৰে ভৰি পৰিছে নৰেন্দ্ৰ মোডী ষ্টেডিয়াম। আজি ৩ জুন তাৰিখে চলি আছে আই পি এলৰ ফাইনেল মেচ। ৰজত পাটিদাৰৰ অধিনায়কত্বত বেংগালুৰু আৰু শ্ৰেয়াছ আয়াৰৰ অধিনায়কতাত পঞ্জাৱৰ মাজত অনুষ্ঠিত হৈছে এই ফাইনেল খেল।
নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত প্ৰায় ১ লাখ ৩২ হাজাৰ লোক উপস্থিত আছে, কোনোবাই আৰ চি বিক সমৰ্থন কৰিছে আৰু কোনোবাই পঞ্জাৱক সমৰ্থন কৰিছে। কিন্তু এই লাখৰ ঘৰত দৰ্শকৰ মাজত দেখা গৈছে এগৰাকী বিশেষ লোকক। যিয়ে সমৰ্থন কৰিছে দুয়ো দলক।
সেয়া হৈছে ক্ৰিছ গেইল। অনন্য শৈলীৰে আই পি এলৰ ফাইনেল চাবলৈ আহে গেইল। আই পি এলৰ ফাইনেল চাবলৈ ক্ৰীছ গেইলে আৰ চি বিৰ জাৰ্চি পিন্ধাৰ লগতে পঞ্জাৱৰ জাৰ্চি হিচাপে পাগুৰি পিন্ধে। আই পি এলত এই দুয়োটা দলৰ হৈ খেলিছে গেইলে, আৰু দুয়োটা দলে কেতিয়াও আই পি এলৰ খিতাপ জয় কৰা নাই।
কেকেআৰৰ হৈ খেলি আইপিএলত অভিষেক ঘটাইছিল ক্ৰীছ গেইলে। ইয়াৰ পিছত আৰ চি বি আৰু তাৰ পিছত পঞ্জাব কিংছৰ হৈ খেলিছিল। কেকেআৰৰ হৈ ১৬খন, পঞ্জাৱৰ হৈ ৪১খন আৰু আৰচিবিৰ হৈ সৰ্বাধিক ৮৫খন মেচ খেলিছে গেইলে। গেইল এতিয়াও আই পি এলত সৰ্বাধিক ব্যক্তিগত ইনিংছ (১৭৫*) খেলা বেটছমেন। আই পি এলত সৰ্বাধিক ছয়ৰ অভিলেখো গেইলৰ হাতত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















