• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি মুখ্যমন্ত্ৰীৰ ওপজা দিন, বিগত দিনবোৰত কি কৰিলে তেওঁ?

আজি মুখ্যমন্ত্ৰীৰ ওপজা দিন, বিগত দিনবোৰত কি কৰিলে তেওঁ?

5 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

1 hour ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

2 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

4 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

5 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

5 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

6 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

6 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

7 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি মুখ্যমন্ত্ৰীৰ ওপজা দিন, বিগত দিনবোৰত কি কৰিলে তেওঁ?

editor by editor
February 1, 2022
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
আজি মুখ্যমন্ত্ৰীৰ ওপজা দিন, বিগত দিনবোৰত কি কৰিলে তেওঁ?
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা জন্মত এজন মানুহ জননেতা হ’ব নোৱাৰে৷ জননেতা হ’বলৈ তেওঁৰ পুনৰ জন্ম হয় আৰু নেতা হোৱাৰ প্ৰথম লক্ষণ হিচাপে প্ৰকট হয় দক্ষতা বৃদ্ধি৷ সেইবাবেই ৰূপান্তৰৰ ৰূপকাৰ সুদক্ষ বিচক্ষণ ৰাজনীতিবিদ ড° হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ অসমৰ জননেতা; যাৰ আছে এক সুদীৰ্ঘ তথা অত্যন্ত সফল ৰাজনৈতিক পৰিক্ৰমা৷

পূবৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ আন্তঃগাঁঠনি উন্নতৰ পৰা উন্নতৰ কৰি মাক দৰ্শনৰ বাবে যোৱা যাত্ৰীৰ সুগম ভ্ৰমণৰ বাবে পথবোৰৰো উন্নতিৰ ব্যৱস্থা কৰাটো তেওঁৰ এক উল্লেখযোগ্য কৃতি৷

 

সেইদৰে উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত ন(৯)খনকৈ  State of the Art পদসেতু(foot over bridge) নিৰ্মাণ কৰি পথচাৰীৰ যাতায়াত সুগম কৰাৰ লগতে মহানগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত অন্য মাত্ৰা দি সপোনক বাস্তৱ ৰূপ দিব পাৰিলে কেৱল আমাৰ সুদক্ষ জননেতা অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই৷

 

অবিৰত অবিচলভাৱে কেৱল ৰাজ্যখনৰ  উন্নয়নৰ সপোনক সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰা হিমন্ত বিশ্ব শৰ্মাই ক্ৰমে সময়ৰ আঁচোৰ লাগি ক্ষতিগ্ৰস্ত শৰাইঘাট দলঙৰ সমান্তৰালকৈ নতুন দুই তিনিখন দলং নিৰ্মাণৰ সূচনাৰে ৰাজ্যৰ বিভিন্ন অংশৰ লগত সূচল যোগাযোগৰ সুব্যৱস্থা কৰাৰ কথা পাহৰি জানো যাম কেতিয়াবা!

 

আধুনিক বিশ্বৰ অন্যান্য মহানগৰীৰ লগত ফেৰ মাৰিব পৰাকৈ গুৱাহাটী মহানগৰীৰ যানযঁটৰ সমস্যা কিছু সমাধানৰ বাবে ছুপাৰ মাৰ্কেটত এখন উৰণীয়া সেতু নিৰ্মাণ, ৰাজ্যৰ যোৰহাটকে ধৰি বহু গুৰুত্বপূৰ্ণ স্থানটো তদনুৰূপ চলি আছে বহুকেইখন উৰণীয়া সেতুৰ কাম।

 

উত্তৰ-পূবৰ মানচেষ্টাৰ শুৱালকুছিৰ পথৰ উন্নয়ন কৰি জালুকবাৰী সমষ্টিৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা শুৱালকুছিলৈ যাতায়াতৰ সুব্যৱস্থা কৰি শুৱালকুছিক জিলিকাই তুলিলে জননেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই৷

 

শিক্ষাই এখন সুস্থ সবল সমাজ গঢ়াত অন্যতম ভূমিকা গ্ৰহণ কৰে । গোলাঘাটত সতী সাধনীৰ স্মৃতিত বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি হোজাইৰ কবিগুৰু ৰবীন্দ্ৰনাথৰ নামত বিশ্ববিদ্যালয়, মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ৰাজ্যখনৰ উচ্চ শিক্ষাৰ একো একোটা মাইলৰ খুঁটি হৈ ৰ’ব অনাগত সময়ত। শুৱালকুছিত কেন্দ্ৰীয় আইন মহাবিদ্যালয়ৰ লগতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে নতুনকৈ ভূমি আৱণ্টনো শিক্ষাৰ ক্ষেত্ৰখনত নিৰন্তৰ পৰিবৰ্তনৰেই চানেকি।

 

কাৰিকৰী শিক্ষাই ছাত্ৰ-ছাত্ৰীক স্বনিৰ্ভৰশীল কৰে। কথাটো অনুভৱ কৰিয়েই জালুকবাৰী সমষ্টিত এখন কাৰিকৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্তই তেওঁৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি থকা সচেতনতাৰ কথা সোঁৱৰাই থাকিব যুগে যুগে৷

 

সুস্থ স্বাস্থ্য থাকিলেহে নাগৰিকৰ সুস্থ চিন্তা কৰিব পৰা ক্ষমতা প্ৰবল হয়। সেই কথা ভাবিয়েই স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে অত্যাধুনিক সা-সুবিধাৰ চিকিৎসা ব্যৱস্থাৰে গুৱাহাটীত দ্বিতীয়খন বিশ্বমানৰ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ শুভাৰম্ভ কৰি ৰাজ্যবাসীক  যি এক অভিনৱ পৰিৱৰ্তনৰ চমক দিলে সেয়া প্ৰজন্মৰ পাছত প্ৰজন্মৰ বাবে পাথেয় হৈ ৰ’ব৷

 

আমাৰ শিশু আমাৰ ভৱিষ্যত৷ হিমন্ত বিশ্ব শৰ্মাই কথাষাৰ অনুধাৱন কৰিয়েই কোভিডৰ দৰে অতিমাৰীৰ সময়ত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত শিশুৰ বাবে বিশেষ শিশু কোভিড কেন্দ্ৰ খুলি দেৱ শিশুসকলৰ প্ৰতি দেখুওৱা মহানুভৱতাৰ কথা সঁচাকৈয়ে কাললৈ থাকি যোৱা খ্যাতি৷

 

কাৰ্যালয়ে কাৰ্যালয়ে দৌৰি ভাগৰুৱা হোৱা নাগৰিকৰ হাৰাশাস্তিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত প্ৰথমবাৰৰ বাবে নিৰ্মিত হ’ল জালুকবাৰী সমষ্টিত সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়; য’ত একে স্থানতে ৰাজ্য চৰকাৰৰ ১৩টা বিভাগৰ কাম কাজ পৰিচালনা হ’ব। এয়া চৰকাৰী প্ৰশাসন ব্যৱস্থাটোক জনমুখী কৰাৰ অভূতপূৰ্ব প্ৰয়াস।

 

ৰাষ্টা-ঘাটৰ উন্নয়নে ৰাজ্যখনৰ উন্নয়নৰ প্ৰতিচ্ছবি দাঙি ধৰে। আমি সৌভাগ্যৱান যে জননেতা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ৰাজ্যৰ বাট-পথৰ উন্নয়ন যোৱা কিছুবছৰৰ পৰা অকল্পনীয়ভাৱে হৈছে। গুৱাহাটী মহানগৰীৰ নলা,-নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে গুৱাহাটী মহানগৰীৰ বাট-পথসমূহৰ যি অভিনৱ উন্নয়ন সাধন হৈছে সেই কথা অনস্বীকাৰ্য্য৷ ‘অসম মালা’ আঁচনিৰে ৰাজ্যৰ প্ৰতিখন জিলাক সামৰি বৃহৎ পথ নিৰ্মাণৰ যোজনা তেওঁৰেই অভিনৱ প্ৰয়াসৰ ফচল।

 

যোৱা সময়ছোৱাত বিশ্বত্ৰাস ক’ৰোনা মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমতো আক্ৰান্ত চিনাক্ত হোৱাৰ পাছত ঈশ্বৰ প্ৰেৰিত দূতৰ দৰে অতি তৎপৰতাৰে, সুদৃঢ় প্ৰস্তুতিৰে ক’ৰোনাৰ ভাইৰাছ বিয়পোৱাত বাধাৰ প্ৰাচীৰ হিচাপে দেখা দি অসমক বৃহৎ সমস্যা এটাৰ পৰা পৰিত্ৰাণ কৰাত যি দূৰদৰ্শিতাৰ পৰিচয় দিলে সেয়া অবিস্মৰণীয়। তেওঁৰ অদ্ভুত ধৰণৰ কৰ্মনিষ্ঠা, মানৱতাবাদী চিন্তাৰ বাবে ক’ৰোনা ভাইৰাছৰ বৃহত্তৰ ক্ষতিৰ পৰা ৰাজ্যখন হয়তো উদ্ধাৰ পৰিল।

 

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ কাম গুৱাহাটীৰ নিকটৱৰ্তী চাংসাৰীত পূৰ্ণোদ্যমে চলি আছে; যি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এটা দিন আছিল এনেকুৱা উন্নয়নৰ সপোনো দেখিব পৰা নাছিলো। কিন্তু আজি বাস্তৱত সেই উন্নয়নেই কাৰ্যকৰী হৈছে৷

 

এটা সময় আছিল ছাত্ৰ-ছাত্ৰীসকলৰ উপযুক্ত যোগ্যতা থকাৰ পাছতো অভিভাৱক তথা পিতৃ-মাতৃয়ে আৰ্থিক দীনতাৰ বাবেই হওক বা আন কিবা কাৰণতেই হওক মেধা সম্পন্ন সন্তানকো ঘৰৰ পৰা বহু নিলগত ৰাখি চিকিৎসা বিজ্ঞান বিষয়ত অধ্যয়ন কৰাব পৰা নাছিল। সেই অব্যক্ত বেদনাৰ সুৰে হিমন্ত বিশ্ব শৰ্মাৰ অন্তৰ কঁপাই তুলিছিল। সেইবাবেই তেওঁৰ ৰাজ্যত নতুনকৈ গোৱালপাৰা, নগাঁও, বিশ্বনাথ, মঙলদৈ, ঢেকীয়াজুলী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, বৰপেটা, ডিফু আৰু হাইলাকান্দিত মেডিকেল কলেজ নিৰ্মাণৰ সিদ্ধান্ত লৈ এই জিলাসমূহৰ লগতে কাষৰীয়া অঞ্চলসমূহৰো পিতৃ-মাতৃ তথা ছাত্ৰ-ছাত্ৰীসকলৰ এজন সুচিকিৎসক হোৱাৰ সপোনৰ কঠিয়াবোৰ বাস্তৱৰ সজাল ধান গছলৈ পৰিণত কৰিলে।

 

কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় আৱণ্টনৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য এখনৰ বিত্তীয় স্বচ্ছলতা ঘূৰাই আনি বিভিন্ন বৰ্গৰ  লোকৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি আৰু সকলো বিভাগলৈ আগবঢ়োৱা উন্নয়নৰ দৰে সুশৃংখল বিত্তীয় পৰিচালনাৰ কৰাৰ দক্ষতা হিংসুক লোকসকলৰ বাহিৰে কোনোবাই অস্বীকাৰ কৰিব পাৰিব জানো!

 

শেহতীয়াকৈ হ’ব হ’ব বুলি ভাবি থকা মাজুলীবাসীৰ সপোনৰ দলংখনৰ কামো তেওঁৰ তৎপৰতাতেই পূৰ্ণ্যোদমে আগবাঢ়িছে।

ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতি সন্মান জনাই ড০ শৰ্মাই গো-মাতা সুৰক্ষাৰ বাবে যি সবল ভূমিকা ল’লে তাৰ দ্বাৰা সমগ্ৰ সনাতনী সমাজৰ  হৃদয়ো জয় কৰিলে৷

 

ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ বলিষ্ঠ নেতৃত্বৰ পৰিচয় দি উত্তৰ পূৰ্বাঞ্চলৰ এজন অতি সফল নেতা হিচাপে পৰিগণিত হোৱা বিষয়ত অসম আৰু অসমীয়াৰ বাবে অতি গৌৰৱৰ কথা। সেয়ে কৈছো ,ৰূপান্তৰৰ ৰূপকাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা৷ স্বৰ্ণীল ভৱিষ্যতৰ দিকচৌ বাটত সহযাত্ৰী হ’ব সকলো৷

 

অক্লান্ত, অদম্য ,বিচক্ষণ ৰাজনৈতিক স্বপ্নদ্ৰষ্টা যি নিৰূপণ কৰে ৰাজনীতিৰ ৰূপৰেখা৷ যিয়ে কৰ্মদক্ষতাক অন্য এক মাত্ৰালৈ তুলি নি উদাহৰণ হৈ ৰ’ব দেশৰ ৰাজনৈতিক ইতিহাসত৷ ড° হিমন্ত বিশ্ব শৰ্মা চিৰ জ্যোতিষ্মান হৈ ৰওক ৰাজনীতিৰ জগতত৷ তেখেতৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জনালো৷

 

অপৰূপা বৰঠাকুৰ

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24himanta biswa sharmahimanta biswa sharma birthday
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
অসম

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

September 25, 2026
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
Next Post
যৌনতাক লৈ গুগলৰ ট্ৰেণ্ডত থকা প্ৰশ্নসমূহ কি কি? জানিবলৈ চাওক এই প্ৰতিবেদন

যৌনতাক লৈ গুগলৰ ট্ৰেণ্ডত থকা প্ৰশ্নসমূহ কি কি? জানিবলৈ চাওক এই প্ৰতিবেদন

সীতাৰমণৰ বাজেটকলৈ কোনে কি ক’লে?

সীতাৰমণৰ বাজেটকলৈ কোনে কি ক’লে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.