মংগলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে৷ বিত্ত মন্ত্ৰী সীতাৰমণে বাজেট দাখিল কৰাৰ পিছতে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
কোনে কোনে কি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰে কিছুসংখ্যক প্ৰতিক্ৰিয়া তলত দিয়া হৈছে৷
‘‘বাজেটত বেতনভোগী শ্ৰেণী, মধ্যবিত্ত, দুখীয়া শ্ৰেণী, যুৱপ্ৰজন্ম, ক্ষুদ্ৰ উদ্যোগী আৰু কৃষকৰ বাবে একোৱেই নাই৷’’ কংগ্ৰেছ নেতা ৰাহুল গান্ধী
‘‘এফালে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ পদক্ষেপ সম্পৰ্কে বাজেটত বিভিন্ন কথা কোৱা হৈছে আনফালে, জৈৱ বৈচিত্ৰক ধ্বংস কৰি নদী সংযোগৰ প্ৰকল্পও গ্ৰহণ কৰা হৈছে৷’’ প্ৰাক্তন কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ৷
‘‘এয়া ‘ক’র্পৰেটপন্থী’ আৰু ‘ধনীপন্থী’ বাজেটত, মধ্যবিত্ত আৰু কৃষক শ্ৰেণীৰ বাবে একো এটাই নাই বাজেট৷’’ কংগ্ৰেছ নেতা মাণিকচাম ঠাকুৰ
‘‘নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ দ্বাৰা চূৰ্ণ-বিচূৰ্ণ হৈ পৰা সাধাৰণ লোকৰ বাবে বাজেটত আছে এটা বিৰাট শূণ্য৷’’ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেৰ্নাজী
‘‘এই একো নাইকিয়া বাজেট৷’’ কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালা
‘‘এই বাজেটে ভিতৰুৱা অঞ্চলত ডিজিটেল শিক্ষা সম্প্ৰাসৰণৰ বাবে ১০০ টা চেনেল সৃষ্টি কৰিব৷ ইয়ে গুণগত শিক্ষাক সকলোতে উপলব্ধ কৰিব৷’’ প্ৰাক্তন তথ্য সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ
‘‘কেন্দ্ৰীয় বাজেটখন উন্নত ৰাজ্যসমূহৰ বাবে ঐতিহাসিক৷ কিন্তু অনুন্নত ৰাজ্যসমূহ, যেনে বিহাৰ আদি ৰাজ্যসমূহক বিত্ত মন্ত্ৰী সীতাৰমণে হতাশ কৰিলে৷’’ জনতা দল (সংযুক্ত)ৰ উপেন্দ্ৰ কুশৱাহা ৷
‘‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিত্তমন্ত্ৰী সীতাৰমণে দাখিল কৰা বাজেটে দেশৰ আন্তগাঁথনি উন্নত কৰিব আৰু ১৩০ কোটি ভাৰতবাসীৰ জীৱন আৰু উন্নত কৰিব৷’’ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ