আজি আমি ৰামায়ণৰ অন্য এক সংস্কৰণ কথা ক’ব খুজিছো৷ বাল্মীকি ৰামায়ণৰ উত্তৰা কাণ্ডৰ মতে ভগৱান ৰামে সৰয়ু নদীত সলিল সমাধি ঘটি পৃথিৱীৰ পৰা নিজৰ মানৱী অস্তিত্বৰ অৱসান কৰিছিল। কাহিনীটোৰ মতে সৰযু নদীৰ তীৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ প্ৰবাদ মতে এই অনুষ্ঠানটো ভগৱান হনুমানে অকলে কৰিছিল।
অনুষ্ঠান চলি থাকোতে ভগৱান হনুমানে আচৰিত হৈ দেখিলে তেওঁ অনুষ্ঠান অকলে সমাপন কৰিবলৈ সক্ষম হোৱা নাই আৰু ৰামে নিজৰ মানৱীয় অস্তিত্ব ত্যাগ কৰিবলৈ অগ্ৰসৰ হৈছে৷ হনুমানে ৰামৰ মানৱীয় অস্তিত্ব ত্যাগক স্তব্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টা বিফল হ’ল৷
হনুমানে একো কৰিব নোৱাৰি ইয়াৰ পিছতে ভগৱান ৰামৰ নাম উচ্চাৰণ কৰা লোকসকলক সেৱা কৰিবলৈ অযোধ্যালৈ ঘূৰি যায়৷ সেই লোকসকলে ভগৱান ৰামৰ স্মৃতিত লংকাৰ অৰণ্যত দিন অতিবাহিত কৰিবলৈ ধৰে। কাহিনীটোৰ মতে সেই সময়ত ৰাৱণৰ ভায়েক বিভীষণ তাৰ শাসনাধিষ্ঠ ৰজা আছিল৷ অৰ্থাৎ এই কাহিনীটোৰ মতে বিভীষণ ৰামৰ ভায়েকহে আছিল আৰু তেওঁক অৰণ্যবাসীয়ে সেৱা আগবঢ়াইছিল।
কাহিনীটোৰ উৎসৰ মতে যেতিয়া ভগৱান হনুমানে লংকাৰ পৰা উভতি আহিছিল তেতিয়া তাৰ বাসিন্দাসকলে তেওঁক তেওঁলোকৰ সৈতে থাকিবলৈ অনুৰোধ কৰিছিল। তেওঁলোকে তেওঁক সেৱা আগবঢ়াই কৈছিল যে তেওঁলোকে তেওঁৰ সৈতে এটা সম্পৰ্ক বিচাৰি পাইছে। বাসিন্দাসকলৰ উদাৰ আদৰ সাদৰ লাভ কৰি হনুমানে তেওঁলোক কৈছিল, ‘‘মোৰ প্ৰতি আপোনালোকৰ সেৱা মনোভাৱ আৰু সমৰ্পণত মই সন্তুষ্ট হৈছো৷’
তেওঁলোকক এটা গোপন গোপন মন্ত্ৰ দি হনুমানে লগতে আৰু কয়ে ‘‘যেতিয়াই আপোনালোকে মোক চাব বিচাৰিব, কেৱল এই মন্ত্ৰটো জপ কৰিব। মই আপোনাক লগ কৰিবলৈ পোহৰৰ গতিৰে গুচি আহিম৷’’
অৱশ্যে হনুমানে দিয়া মন্ত্ৰটো বৰ সহজ নাছিল৷ মন্ত্ৰটো যাতে কোনো দুষ্ট লোকৰ হাতত নপৰে আৰু তেওঁলোকৰ হাততে সুৰক্ষিত হৈ থাকে ভগৱান হনুমানে সেই কথাও বাৰে বাৰে দোহাৰি আহিছিল৷
হনুমানে লগতে কৈছিল ই কেৱল তেতিয়াহে কাম কৰিব যেতিয়া ইয়াক জপ কৰা ব্যক্তিজনে তেওঁৰ সৈতে তেওঁৰ আত্মাৰে সম্পৰ্ক স্থাপন কৰিব পাৰিব। তেওঁ লগতে ঘোষণা কৰিছিল যে এই মন্ত্ৰ উচ্চাৰণ কৰা ঠাইৰ পৰা ৯৮০ মিটাৰ ভিতৰত এনে কোনো মানুহ থাকিব নালাগিব যি তেওঁৰ প্ৰথম চৰ্তটো পূৰণ নকৰিব।
কি আছিল এই মন্ত্ৰটো? সই মন্ত্ৰটো আছিল ‘‘কালতান্টু কাৰেচাৰান্তি এনাৰ মাৰিষ্ণু, নিৰ্মুক্তৰ কালেতৱাম অমৰিষ্ণু৷’’
কাহিনীটোৰ মতে এতিয়া উপলব্ধ তেতিয়াৰ এই গোপন মন্ত্ৰটো তেতিয়াহে কাম কৰিছিল যেতিয়া ভগৱান হনুমানে নিৰ্ধাৰণ কৰা দুটা চৰ্ত পূৰণ কৰা হৈছিল। চৰ্ত দুটা পূৰণ নকৰিলে এই মন্ত্ৰটো সফল নহয় বুলিও কাহিনীটোত কোৱা হৈছিল।
ৰামায়ণৰ এই কাহিনীটোৰ মতে লংকা অৰণ্যত বাস কৰা জনজাতীয় মানুহবোৰৰ সৈতে হনুমানৰ ঘণিষ্ঠতাত বৃদ্ধি পাইছিল আৰু হনুমানেও জনজাতিটোৰ নতুন প্ৰজন্মৰ আগত প্ৰতি ৪১ বছৰৰ মূৰে মূৰে আহিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ আৰু এই জনজাতীয় লোকসকলৰ বহুতে এতিয়াও বিশ্বাস কৰে যে ভগৱান হনুমানৰ আগমনৰ বাবেই ২০১৪ চনত পিডুৰু পৰ্বতৰ অৰণ্যত কিছুমান অস্বাভাৱিক কাৰ্যকলাপ অঞ্চলবাসীয়ে প্ৰত্যক্ষ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ