অসম লাইভ২৪ঃ ‘দিল্লী, মুম্বাইত চাকৰিৰ কথা কোনোৱে নাপাতে। আমিও এই চাকৰিৰ থকাকেই ভাৱি থকা কালচাৰ এৰিব লাগে।’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি বিচাৰি হাবাথুৰি খাবলৈ বাধা দিছে নৱপ্ৰজন্মক। তেওঁ ভাষণত কয়, ‘২০০৬ চনত মই যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলো তেতিয়া অসমত ৩০০ মেডিকেল ছিট আছিল। আজি অসমত ১১৫০মেডিকেল ছিট আছে। আৰু সকলো ঠিকে-ঠাকে থাকিলে আৰু ৩০০ মেডিকেল ছিটৰ ব্যৱস্থা অসমত হ’ব। এসময়ত অসমত মাত্ৰ এখন বিএছচি নাৰ্চিং স্কুল আছিল, আজি অসমত বিএছচি নাৰ্চিং স্কুল ৫০ খনৰ ওচৰাওচৰি। অসমত জিএনএম নাৰ্চিং স্কুল ১৮ খন আছিল আৰু বৰ্তমান জিএন এম নাৰ্চিং স্কুলৰ সংখ্যা ২০০ৰো অধিক।’
সাধাৰণ ডিগ্ৰী কৰোতে একোজন ছাত্ৰই সমান্তৰালকৈ অন্য বিষয় একোটাও যাতে আয়ত্ব কৰিবলৈ যত্ন কৰে সেই আহ্বানো জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নৱপ্ৰজন্মক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয়, ‘ যদিযিকোনো বিষয়ত বেছিক পাঠ্যক্ৰম কৰি থাকোতে ইংৰাজীটো শিকি লও তেন্তে চাকৰি এপলৰ দৰে নাৰ্চিঙহোমত পাবই। চাকৰি মেক্সত হ’বই, ৪০ হাজাৰ দৰমহাত চৰকাৰী চাকৰি বিচাৰি থকাতকৈ, ডেৰ লাখৰো অধিক টকাৰ দৰমহাত কাম কৰিব পাৰিব।’
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এতিয়া মই সাধাৰণ ডিগ্ৰী কৰাখিনিক চাকৰি দিলো। কিন্তু সাধাৰণ ডিগ্ৰী লৈ বহি নাথাকি অন্য শিক্ষাসমূহ যেনে কম্পিউটাৰ, অন্য ভাষাৰ জ্ঞান ইত্যাদি আয়ত্ব কৰাটো প্ৰয়োজন, তেতিয়া কোনো মুখ্যমন্ত্ৰী অথবা মন্ত্ৰীৰ পদুলিত চাকৰিৰ বাবে শাৰী পাতিব নালাগে। আমাৰ সন্মুখত বহল পৃথিৱীখন আছে। মানসিকতা উন্নত কৰিলেই সকলোখিনি হাততে পাব। এতিয়া আৰু সাধাৰণ চাকৰিৰ কথা ভাৱি সময় নষ্ট কৰিব নালাগে, তাৰ পৰিবৰ্তে ১০ জন লোকক সংস্তাপন দিব পৰাকৈ নিজেই এজন স্বনিৰ্ভৰশীল ব্যক্তি হোৱাৰ কথা কল্পনা কৰক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















