• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বসাধাৰণ চকুৰ ৰোগ আৰু ইয়াৰ যতন

সৰ্বসাধাৰণ চকুৰ ৰোগ আৰু ইয়াৰ যতন

4 years ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

34 minutes ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

1 hour ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

2 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

3 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

3 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

4 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

4 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

4 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

5 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

5 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

8 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

সৰ্বসাধাৰণ চকুৰ ৰোগ আৰু ইয়াৰ যতন

editor by editor
June 14, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
সৰ্বসাধাৰণ চকুৰ ৰোগ আৰু ইয়াৰ যতন
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ সীমান্ত কোঁৱৰ: বছৰটোৰ প্ৰায়বোৰ সময়তে সাধাৰণতে দেখা দিব পৰা চকুৰ বেমাৰসমূহৰ ভিতৰত ভাইৰেল কনজাংকটিভাইটিছ (Viral Conjunctivitis) নামৰ ৰোগবিধেই প্ৰধান।  যাক বহুলোকে  চকু উঠা ৰোগ, জয় বাংলা (কিয় বোলা হয় কোনো তথ্য নাই) আদি নামেৰেও অভিহিত কৰা দেখা যায়। এইবিধ ৰোগে পুৰুষ মহিলা, কেঁচুৱা, শিশু আদি সকলোকে বয়স নিৰ্বিশেষে আক্ৰমণ কৰিব পাৰে। সাধাৰণতে Adino Virus নামৰ এবিধ ভাইৰাছৰ পৰা এইবিধ ৰোগ উৎপত্তি হয় যদিও একে ধৰণৰ দুই এক অন্য ভাইৰাছৰ দ্বাৰাও এই ৰোগ হ’ব পাৰে। ইয়াৰ উপৰিও কেতিয়াবা bacteriaৰ দ্বাৰাও conjunctivitis ৰোগ হোৱা দেখা যায়।  যাক বেক্টেৰিয়েল কনজাংকটিভাইটিছ বুলি কোৱা হয়। যদিও এই ৰোগসমূহ গ্ৰীষ্মকালত বেছিকৈ দেখা পোৱা যায় কিন্তু বতৰ আৰু জলবায়ু পৰিৱৰ্তন সাপেক্ষে  বছৰটোৰ প্ৰায় সকলো সময়তে এনেধৰণৰ ৰোগৰ সংক্ৰমণ হোৱা দেখা যায়। ইয়াত আমি ঘাইকৈ ভাইৰাছৰ পৰা হোৱা চকুৰ সৰ্বসাধাৰণ ৰোগৰ বিষয়েহে কিছু তথ্য প্ৰকাশ কৰিম।

ৰোগৰ লক্ষণ সমূহ—

এই ৰোগ বিধ প্ৰায়েই হঠাতে আৰম্ভ হোৱা দেখা যায়। প্ৰায়বোৰ সময়ত ধূলি-বালি বা সৰু পোক-পৰুৱাই চকুত খুন্দা মাৰি চকুহাল আঘাত কৰাৰ দৰে অনুভৱ হয়। খুব কম সময়ৰ ভিতৰতে আক্ৰান্ত হোৱা চকুটো ৰঙা পৰি যায় আৰু লগতে খচ-খচনি আৰু কিছু পৰিমাণে বিষ অনুভৱ হয়। এই বিষ সামান্যৰ পৰা মধ্যমীয়া হৈ কেতিয়াবা গুৰুতৰ হোৱা দেখা যায়। প্ৰায়বোৰ ক্ষেত্ৰতে এই ৰোগত দুয়োটা চকু আক্ৰান্ত হোৱা দেখা যায়। চকুৰ মণিটোৰ চাৰিওফালে থকা বগা অংশৰ(conjunctiva) তেজ পৰিবাহী সূক্ষ্ম নলিকাবোৰ ভাইৰাছৰ দ্বাৰা  নিসৰ্গিত ৰাসায়নিক দ্ৰব্যৰ ক্ৰিয়া প্ৰতিক্ৰিয়াত ফুলি উঠে আৰু তেজৰ চলাচলো তাত দ্ৰুত হৈ পৰে। বহু সময়ত এই ফুলি উঠা নলিকাবোৰ ফাটি গৈ ৰক্ত ক্ষৰণো হোৱা দেখা যায়। ৰোগৰ প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে চকুৰ বগা অংশখিনিৰ লগতে চকুৰ দুয়োটা বাদু ফুলি উঠে। চকুৰ পৰা পানী ওলাই চকুৰ গুৰি অংশত কড়াল মাৰি ধৰি ৰাতি পুৱা সময়ত চকু হাল মেলাত অসুবিধাৰ সৃষ্টি কৰে। যাক আমি ফেচকুৰি বুলি কওঁ।

প্ৰথম অৱস্থাত ৰোগীয়ে চকুৰে দেখাত বিশেষ  অসুবিধা অনুভৱ নকৰিলেও কিছুসংখ্যক ৰোগীয়ে ৰোগ আৰম্ভ হোৱাৰ পাঁচৰ পৰা সাত দিনৰ পিছত চকুৰে দেখাত কিছু অসুবিধা পাবলৈ আৰম্ভ কৰে। ইয়াৰ মূল কাৰণ হ’ল ভাইৰাছজনিত ৰোগবিধে চকুৰ বগা অংশৰ পৰা আৰম্ভ কৰি কেতিয়াবা চকুৰ কলা অংশটোত( cornea, বা চকুৰ মণি) আক্ৰমণ কৰে। মণিৰ ওপৰৰ ছালখনত সৰু সৰু অসংখ্য ঘাঁৰ সৃষ্টি হৈ ৰোগীক ভালে মান অসুবিধাত পেলায়। ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত কেৰাট’ কনজাংকটিভাইটিছ (kerato conjunctivitis) বোলা হয়, কাৰণ এই অৱস্থাত ৰোগ বিধে  চকুৰ বগা অংশখিনিত (conjunctiva) আক্ৰমণ কৰিলেও পিছলৈ ই চকুৰ মণিলৈ (cornea) বিয়পি পৰে।

 

লগতে পঢ়ক এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক

সাধাৰণতে এই ৰোগবিধ চকুত সাতৰ পৰা দহ দিন মানলৈকে থকা দেখা যায়। বহু সময়ত বিনা চিকিৎসাই ৰোগৰ উপশম ঘটিলেও পৰৱৰ্তী সময়ত সৰু বৰ বিসংগতি থাকি যোৱা দেখা যায়। এই ৰোগৰ দ্বাৰা  চকুৰ মণি (cornea )ত ঘাঁ লাগি কেতিয়াবা দৃষ্টি শক্তি কমি আহিলে ডাক্টৰী চিকিৎসাৰেও নিৰাময় কৰাত যথেষ্ট সময়ৰ প্ৰয়োজন হয়।

এই ৰোগবিধ নিৰাময় কৰিবলৈ বা ইয়াৰ পৰা উপশম পাবলৈ আমি কিছুমান উপায় অৱলম্বন কৰিব পাৰো। সেইবোৰ আমি চমুকৈ আলোচনা কৰিম।

ঘৰুৱা যতন—

এই ৰোগে দেখা দিলে যিমান পাৰি চকু হালক জিৰণি দিব লাগে। যিহেতু এনে ৰোগীয়ে পোহৰলৈ চাবলৈ অসুবিধা পাই সেয়ে ৰ’দত বৰ বেছি নোলালেই উপকাৰ হয়। পাৰিলে ক’লা চছমা এযোৰ ব্যৱহাৰৰ কৰিলে ভালেখিনি আৰাম অনুভৱ কৰে। ধূলি মাকতিৰ পৰা আঁতৰত থাকি চকুহাল পৰিষ্কাৰ কৰি ৰখাটো অতি দৰকাৰী। বিষ উপশমৰ বাবে চাফা কাপোৰ এখন  কুহুমীয়া গৰম পানীত তিয়াই তাক চেপি লৈ লাহে লাহে চকুহাল সেকিলে সুফল পোৱা যায়। বহু ক্ষেত্ৰত বৰফৰ পানীৰে কাপোৰ তিয়াইও এনে কৰিব পাৰি। চকুৰ পানী মুচিবলৈ কেতিয়াও লেতেৰা কাপোৰ বা ৰুমাল ব্যৱহাৰ কৰিব নালাগে।

 

লগতে পঢ়ক কাৰোবাৰ শৰীৰত ৰং কাৰোবাৰ শৰীৰত নাই! এই উলংগ চাইকেল ৰেলী হৈছিল ক’ত?

কি কি নকৰিব—

(১) চকুৰ খচ খচনিৰ পৰা উপশম পাবলৈ বাৰে বাৰে চকুহাল মুচি বা খাজুৱাই থাকিব নালাগে। তেনে কৰিলে চকুহাল আৰু বেছি পৰিমাণে ফুলি উঠিব আৰু কেতিয়াবা সূক্ষ্ম ৰক্ত নলিকা বোৰ ফাটি ৰক্ত ক্ষৰণ ঘটিব পাৰে।

(২) চকু হাল শীতল কৰিবলৈ বাৰে বাৰে চকুত পানী মাৰি বা পানীৰে ধুই  থাকিব নালাগে অথবা বহু লোকে কৰাৰ দৰে পানী ভৰ্তি বাল্টি এটাত চকুহাল মেলি বহু পৰ ৰৈ থাকিব নালাগে। তেনে কৰিলে ৰোগত আক্ৰান্ত চকুৰ কোমল অংশবোৰ আঘাত প্ৰাপ্ত হয় আৰু চকু হাল পূৰ্বতকৈ বেছি ৰঙা পৰি ফুলি উঠাৰহে সম্ভাৱনা থাকে। তাৰোপৰি  ব্যৱহাৰ কৰা পানীখিনি সকলো সময়তে পৰিষ্কাৰ বুলিও ধৰি ল’ব নোৱাৰি।

(৩) এতিয়াও বহু গাঁৱৰ লোকে এনেবোৰ চকুৰ অসুখ হ’লে বসন্ত ৰোগ বুলিয়েই ভাবে আৰু নিয়ম কানুন পালি থাকি ৰোগ বিধৰ সচৰাচৰ প্ৰক্ৰিয়াটো বেছি দীঘলীয়া কৰি পেলায়। যিহেতু এয়া কোনো বসন্ত বা তেনে ৰোগৰ লক্ষণ নহয় সেয়ে চকুহাল পৰিষ্কাৰ কৰি ৰখা আৰু সিহঁতৰ জিৰণিদায়ক কামবোৰহে কৰা উচিত। বহু লোকে কৰাৰ দৰে ঘৰতে আই সকাম পাতি এই ৰোগ নিৰাময় কৰা সম্ভৱ নহয়।

(৪) বহু লোকে এনে ৰোগৰ পৰা উপশম পাবলৈ আমলখিৰ ৰস বা নেমু টেঙাৰ ৰস চকুত দিয়া দেখা যায়। অনহে নেলাগে বহুতে কেঁচুৱাৰ মাকৰ গাখীৰো চকুত দিয়া দেখা যায়। কিন্তু লক্ষণীয় কথা যে এনে কাৰ্যই ৰোগ নিৰাময় কৰাৰ সলনি ৰোগীৰ অৱস্থা বহু সময়ত ভয়াবহ কৰি তুলাহে দেখা যায়। এনে কৰিলে অতি সোনকালে চকুত ঘাঁ লাগি দৃষ্টি শক্তি হ্রাস পোৱাৰ সম্ভাৱনা থাকে। সেয়ে এনে কামৰ পৰা নিজে বিৰত থকাৰ উপৰিও আনকো বিৰত ৰখোৱা যুগুত।

 

লগতে পঢ়ক বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!

(৫) এনে ৰোগীয়ে ব্যৱহাৰ কৰা ৰুমাল গামোচা আদি অইনে ব্যৱহাৰ কৰিব নালাগে। তেনে কৰিলে এজনৰ পৰা আন এজনলৈ ৰোগ বিয়োপিব পাৰে। এই ৰোগৰ ভাইৰাছ বিধ বতাহত উৰি ফুৰিব পাৰে আৰু ইহঁতে ধূলি বালি বা অন্যান্য প্ৰত্যক্ষ মাধ্যমেৰে চকুত প্ৰৱেশ কৰি ৰোগ সৃষ্টি কৰিব পৰা মানুহৰ চকুত প্ৰৱেশ কৰিলে এনে ৰোগে দেখা দিয়ে। এজন এনে ৰোগত আক্ৰান্ত ৰোগীয়ে আন এজনৰ চকুলৈ চাই থাকিলেই এই ৰোগ বিয়পিব বোলা কথাষাৰ সেয়ে অমূলক।

সাধাৰণতে কোনো এটা পৰিয়ালত এই ৰোগবিধ দেখা দিলে পৰিয়ালটোৰ প্ৰায়খিনি লোকেই আক্রান্ত হৈ পৰে। ইয়াৰ মূল কাৰণ ৰোগী আৰু নিৰোগী সকলোৱেই একেটা পৰিবেশত বাস কৰা আৰু একেখিনি সামগ্ৰী সমূহীয়াকৈ ব্যৱহাৰ কৰা— যেনে গামোচা, টাৱেল, ৰুমাল, বাচন বার্তন ইত্যাদি। অলপ সাৱধান হ’লেই এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

ডাক্টৰী চিকিৎসা—

এই ভাইৰাছ বিধৰ বিপক্ষে যুঁজিবলৈ চিকিৎসা শাস্ত্রতো বৰ বেছি আহিলা নাই যদিও ৰোগৰ লক্ষণ বোৰৰ উপশম ঘটাবলৈ বিভিন্ন ধৰণৰ ঔষধ পাতি ডাক্তৰৰ পৰামৰ্শ অনুযায়ী ব্যৱহাৰ কৰিব লাগে। ৰোগৰ লক্ষণ বেছি হোৱা যেন অনুমান হ’লে তৎক্ষনাত ডাক্তৰৰ কাষ চপা অতি প্ৰয়োজন। চিকিৎসকৰ বিনা অনুমতিত একে ধৰণৰ ৰোগৰ বাবে অন্য লোকে ব্যৱহাৰ কৰা দৰৱ জাতি কেতিয়াও অইনে ব্যৱহাৰ কৰিব নালাগে। এনে কাৰ্যৰ ফলত বহু সময়ত পিছলৈ নানান জটিলতাই দেখা দিয়ে।

চকু হাল ভগৱানৰ অন্যান্য উপহাৰ। চকুৱে কথা কয়, চকুৱে হাঁহে, চকুৱে জীপাল কৰে জীয়াই থকাৰ উপলব্ধি। সুন্দৰ পৃথিৱীখনো দুচকুৰ মায়াতে আবদ্ধ। জীৱন কালত যিদৰে সমাদৃত হয় সুন্দৰ চকুযুৰি, মৃত্যুৱেও কাঢ়িব নোৱাৰে ইয়াৰ উজ্জ্বলতা। চকুহাল হৃদয়ৰ দাপোন আৰু এই ধৰাত চকুহালেই আমাৰ পৰিচয়। সেয়ে এই ধুনীয়া চকুহালৰ যতন অতিকে দৰকাৰী।

লেখক– চকু বিশেষজ্ঞ, আদিত্য আই কেয়াৰ, ডিব্ৰুগড়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
Next Post
পত্নীৰ হাত কাটি দুচেও কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?

পত্নীৰ হাত কাটি দুচেও কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?

দুৰ্ঘটনাত বান্দৰ পোৱালিৰ মৃত্যু! গঞাক আক্ৰমণ মাতৃৰ, ২০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

দুৰ্ঘটনাত বান্দৰ পোৱালিৰ মৃত্যু! গঞাক আক্ৰমণ মাতৃৰ, ২০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.