বিজ্ঞানৰ অন্যান্য বিভাগসমূহৰ অৱদানৰ দৰেই চিকিৎসা বিজ্ঞানে মানুহৰ জীৱন যাত্ৰাত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে৷ এটা সময় আছিল মানুহে অবাঞ্চিত গৰ্ভধাৰণ পৰা ৰক্ষা পাবলৈ কোনো পথ খোলা নাছিল৷
একমাত্ৰ পথটো আছিল বনৌষধিৰ দ্বাৰা গৰ্ভপাত কৰা৷ কিন্তু এই পথটো আছিল অতি বিপদজনক৷ ইয়াৰ পিছতে চিকিৎসা বিজ্ঞানে গৰ্ভনিৰোধক বড়ি প্ৰস্তুত কৰিলে৷ এই বড়িয়েও মানৱ সমাজলৈ এক ৰূপান্তৰ আনিবলৈ সক্ষম হ’ল৷ কিন্তু গৰ্ভনিৰোধক বড়ি নিয়মীয়াকৈ সেৱন কৰাতো স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ অৰ্থাৎ অত্যধিক সেৱনে নাৰীৰ শৰীৰত পাশ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷
ইফালে আধুনিক বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে গৰ্ভপাত নিষিদ্ধ তথা বেআইনী ঘোষণা কৰা হৈছে৷ ইয়াক দণ্ডনীয় অপৰাধ বুলিও গণ্য কৰা হ’ল৷
লগতে পঢ়ক এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক
ইয়াৰ পিছতে আগতীয়াকৈ গৰ্ভ নিৰোধৰ বিকল্প হিচাপে উদ্ভাৱন কৰা হ’ল কণ্ডম৷ যিয়ে মানুহৰ যৌন জীৱনলৈ বৈপ্লৱিক ৰূপান্তৰ আনিবলৈ সক্ষম হ’ল৷ ইয়ে মহিলাক অবাঞ্চিত গৰ্ভ ধাৰণৰ পৰা ৰক্ষা কৰাৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা সংক্ৰমণ ঘটা যৌন ৰোগৰ পৰা নাৰী-পুৰুষক সুৰক্ষিত কৰিও ৰাখে৷
সেয়ে প্ৰায়বোৰ দেশতে ব্যাপক হাৰত কণ্ডম ব্যৱহাৰ তথা প্ৰচলন আৰম্ভ হয়৷ আনকি বহু দেশতে চৰকাৰীভাৱে বিবাহিত দম্পতীৰ মাজত কণ্ডম বিনামূলীয়াকৈ বিতৰণো কৰা হয়৷ আমাৰ দেশ ভাৰততো স্বাস্থ্য বিভাগ বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা ৰক্ষা পৰা আৰু জন্ম নিয়ন্ত্ৰণ কৰিবলৈ বিনামূলীয়াকৈ কণ্ডম বিতৰণ কৰা হয়৷
কিন্তু এনে সময়তে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিয়ে মানুহক আচৰিত কৰি তুলিছে৷ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি এখন দেশত কণ্ডমৰ মূল্য কেৱল আকাশলংঘীয়ে নহয় ইয়াৰ মূল্য সোণতকৈ বেছি৷
লগতে পঢ়ক বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!
বাতৰিৰ মতে সংশ্লিষ্ট দেশখনত এপেকেত কণ্ডমৰ দাম ৬০ হাজাৰ টকা৷ আনহাতে, গৰ্ভনিৰোধক বড়িৰ দামো ৬ ৰপৰা ৭ হাজাৰ টকা৷
ইয়াৰ পিছতো দেশখনত গৰ্ভ নিৰোধকৰ লগতে কণ্ডমৰ চাহিদা বহু বেছি৷ দেশখনত গৰ্ভপাত আইনীভাৱে দণ্ডনীয় অপৰাধ, অৰ্থাৎ নিষিদ্ধ৷ সম্ভৱতঃ জে’ললৈ যোৱাৰ ভয়তে দেশখনৰ সাধাৰণ নাগৰিকে এইদৰে অভাৱনীয় মূল্যত কণ্ডমৰ লগতে গৰ্ভনিৰোধক ঔষধ ক্ৰয় কৰি আহিছে৷
সোণতকৈ কণ্ডমৰ দাম বেছি এই দেশখন হৈছে দক্ষিণ আফ্ৰিকাৰ দেশ ভেনিজুৱেলা, যিখন দেশত যিকোনো পৰিস্থিতিতে গৰ্ভপাত কৰাতো আইনী মতে দণ্ডনীয় অপৰাধ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ