নাৰীৰ যৌন সন্তুষ্টি সম্পৰ্কে আলোনচাৰ অন্ত নাই। চাবলৈ গ’লে আলোচনাৰ সমান্তৰালভাৱে সমালোচনাও কম নহয়। বহুতৰে মনত বহুতো প্ৰশ্ন থাকে যে যৌন সম্পৰ্কৰ সময়ত নাৰীয়ে আচলতে সুখৰ মুহূৰ্তত উপনীত হয় নে নহয়?
পুৰুষতান্ত্ৰিক সমাজত ৭০ৰ দশকলৈকে নাৰীৰ যৌন সন্তুষ্টিৰ প্ৰতি বিশেষ সজাগতা নাছিল। বহু নাৰীয়ে জনাই নাছিল যে তেওঁলোকৰ পুৰুষ সংগীৰ দৰেই তেওঁলোকেও একেধৰণৰ অৰ্গাজম পাব পাৰে!
কিন্তু ৭০ৰ দশকৰ পৰা নাৰীৰ যৌনতাকেন্দ্ৰিক কথাবোৰ সলনি হ’বলৈ আৰম্ভ কৰিছে৷ তেতিয়াৰ পৰাই নাৰীৰ যৌন সন্তুষ্টিৰ বিষয়ে আলোচনা আৰু গৱেষণাৰ আৰম্ভ হয়।
লগতে পঢ়ক কাৰোবাৰ শৰীৰত ৰং কাৰোবাৰ শৰীৰত নাই! এই উলংগ চাইকেল ৰেলী হৈছিল ক’ত?
এনে এক অধ্যয়নতে দেখা গৈছে যে পুৰুষতকৈ মহিলাৰ যৌন উত্তেজনাৰ সম্ভাৱনা বেছি। লগতে এইটো কোৱা হৈছে যে পুৰুষে দিব নোৱাৰা নাৰীৰ যৌন সুখ এক বিশেষ উদ্ভিদে দিবলৈ সক্ষম। অৰ্থাৎ পুৰুষৰ যৌনাংগ দিব নোৱাৰা সুখ এই বিশেষ উদ্ভিজে সহজে দিব পাৰে। পৃথিৱীৰ বহু ঠাইত এতিয়াও এই উদ্ভিদ বিধৰ ওপৰত গৱেষণা চলি আছে।
কোনবিধ বিশেষ উদ্ভিদে নাৰীক যৌন সন্তুষ্টি দিব পাৰে? নাৰীক যৌন সুখ দিব পৰা হাৱাইত পোৱা যায়৷ ই এবিধ কমলা ৰঙৰ কাঠফুলা। জানিব পৰা মতে, কাঠফুলাবিধৰ গোন্ধ লোৱাৰ লগে লগে আধাতকৈ অধিক মহিলাৰ ‘অৰ্গাজম’ হৈছিল। এই ক্ষেত্ৰত জৰীপও কৰা হৈছে। সেই সম্পৰ্কীয় গৱেষণা পত্ৰখন প্ৰকাশ পাইছিল ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ মেডিচিনেল মাশ্বৰুমত।
লগতে পঢ়ক ডাইনোছৰৰ কণীৰ ভিতৰত কণী! মধ্যপ্ৰদেশত আৱিষ্কাৰ বিৰল ডাইনোছৰৰ কণী
এই বিশেষ কাঠফুলা সদৃশ উদ্ভিদবিধৰ প্ৰকৃত নাম ‘ডিক্টোফ’ৰা’। কিন্তু এই চূড়ান্ত সুখদায়ক গুণটোৰ বিষয়ে জানিব পৰাৰ পাছৰে পৰা ইয়াৰ নাম একপ্ৰকাৰে সলনিয়েই হৈছে। এতিয়া সেই কাঠফুলাক ‘ফালুছ’ নামেৰে জনাজাত। ইয়াৰ অৰ্থ হৈছে পুৰুষৰ ‘লিংগ’।
হাৱাইৰ এটা আগ্নেয়গিৰিৰ চাৰিওফালে এই কাঠফুলাবোৰ দেখা যায়। আৰু অধ্যয়নত দেখা গৈছে যে কাঠফুলাৰ গোন্ধই কিছুমান মহিলাৰ দেহ-মন উষ্ণ তথা উত্তেজিত কৰে!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ