ডিজিটেল ডেস্কঃ অসমলৈ আহি আছে ৰাহুল গান্ধী। লাখ লাখ কংগ্ৰেছ কৰ্মীক উতসাহ যোগোৱাৰ উদ্দেশ্যৰে এক নতুন পৰিকল্পনা লৈ আহি আছে কংগ্ৰেছৰ নেতাগৰাকী। এক বিশেষ কাৰ্যসূচী লৈ ৰাহুল গান্ধী আহিব অসমলৈ। ৰাহুল গান্ধী অসমলৈ অহাৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে সাংসদ গৌৰৱ গগৈয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ পাছত এইবাৰ উত্তৰ পূবৰ পৰা আৰম্ভ হ’ব ‘ভাৰত ন্যায় যাত্ৰা’। লোকসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ পৰা আৰম্ভ কৰিব এই যাত্ৰা। মণিপুৰত আৰম্ভ কৰা পদযাত্ৰা ক্ৰমে নাগালেণ্ড হৈ প্ৰৱেশ কৰিব মেঘালয়ত। মেঘালয়ৰ পৰা ক্ৰমে অসম আৰু পশ্চিমবংগ ৷
২০২৪ৰ ১৪জানুৱাৰীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰম্ভ কৰিব এই কাৰ্য্যসূচী ৷ বিহুৰ পিছতে অসমত আহিব লগা ৰাহুল গান্ধীৰ এই পদযাত্ৰা কাৰ্য্যসূচী পিছে, অসমত কোন দিনা হয় এতিয়াও স্পষ্ট হোৱা নাই ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















