২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক দিছে ভাৱিব নোৱাৰা আঘাত৷ কাৰণ বিজেপিয়ে ৪০০খন আসন লাভ কৰাৰ দাবী কৰিছিল যদিও ফলাফলত আহিল মাত্ৰ ২৪০খন আসনহে৷ অযোধ্যাতেই বিজেপিয়ে পালে আটাইতকৈ ডাঙৰ আঘাত। ফৈজাবাদ লোকসভাৰ আসনত বিজেপিৰ লাল্লু সিঙক পৰাস্ত কৰিলে সমাজবাদী পাৰ্টীৰ আৱাধেশ প্ৰসাদে। কিয় অযোধ্যাত বিজেপিয়ে পৰাজয়বৰণ কৰিলে সেই সম্পৰ্কে কংগ্ৰেছ নেতা ৰাহুলে দাঙি ধৰিছে কেইবাটাও কাৰণ৷
কেৰালাৰ ৱায়ানাডত উপস্থিত হৈ ৰাহুলে কৈছে অযোধ্যাত বিজেপি পৰাজয়ৰ কাৰণ৷ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ভাষণত কয় যে, বিগত দহ বছৰত নৰেন্দ্ৰ মোদীয়ে এটা সম্প্ৰদায়ক আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে যুঁজ লগোৱা কাম কৰি আহিছে৷ নিৰ্বাচনত মোদীজীয়ে সংবিধান বিলুপ্ত কৰাৰ কথা কৈছিল সেই কথাৰেই প্ৰত্তত্বৰ দেশৰ জনসাধাৰণে তেওঁক দিছে৷ মোদীয়ে কেৱল আদানী আৰু আম্বানীৰ বাবে কাম কৰে, দেশৰ দুখীয়াৰ বাবে কাম নকৰে সেই কথাৰ প্ৰমাণ বাৰে বাৰে দিয়াটোৱেই বিজেপিৰ আসন কমাৰ প্ৰধান কাৰণ৷ ইয়াৰোপৰি উচিত জৱাব প্ৰধানমন্ত্ৰীয়ে অযোধ্যাৰ পৰা পাইছে৷ অযোধ্যাবাসীয়ে দেখুৱাই দিছে তেওঁলোকে জাতিসংঘাত, ধৰ্মৰ ৰাজনীতিৰ বিপক্ষে সদায়ে ঠিয় হয় আৰু হ’ব৷ মোদীয়ে আম্বানী আদানীক মাতি ৰামমন্দিৰ উদঘাটন কৰিছিল, ৰামৰ প্ৰাণপ্ৰতিষ্ঠা নিজ হাতে কৰিব গৈছিল, দেশৰ ৰাষ্ট্ৰপতি আদিবাসী হোৱাৰ বাবে এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হোৱা নাছিল৷ এই সকলোবোৰ কাৰ্যকলাপৰ প্ৰতুত্ত্বৰ মোদীয়ে অযোধ্যাত পাইছে৷
অযোধ্যাত জৱাব কেনে পাইছে?
ৰাহুল গান্ধীয়ে ভাষণত কয়, “অযোধ্যাত বিজেপি পৰাস্ত হৈছে৷ উত্তৰ প্ৰদেশত, ৰাম মন্দিৰ নিৰ্মাণ কৰা ৰাজ্যত আসন কমিছে৷ বাৰে বাৰে দেশৰ গণতন্ত্ৰক আক্ৰমণ কৰি থকাৰ বাবেই এইবাৰ বিজেপিয়ে আসন হেৰুৱাইছে৷ আমাৰ সংবিধানত ভাৰতৰ সকলো ভাষা, সংস্কৃতি, ভিন্ন পৰম্পৰাক সামৰিয়েই এই দেশ গঠিত বুলি উল্লেখ আছে৷ নৰেন্দ্ৰ মোদীয়ে সংবিধানখন ধৰি শপত খোৱা আপোনালোকে দেখিছে কিন্তু তেওঁ সেই সংবিধানেই সলাই পেলোৱাৰ কথা কয়৷ দেশৰ জনসাধাৰণে এই সংবিধান সলোৱাৰ কথা কৈ থকাৰ বাবেই জনসাধাৰণে দেশৰ প্ৰধানমন্ত্ৰীক বাৰ্তা দিছে যে আপুনি সংবিধানৰ লগত খেলা কৰিব নোৱাৰিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ