অনুষ্ঠান চাই থকাৰ সময়তে ১৫ ফুট উচ্চতাৰ পৰা পৰি সংকটজনক কংগ্ৰেছ বিধায়ক
ভাৰত নাত্যমেৰে গীনিজ বৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিস কেৰালা চৰকাৰে। পাছে সেই অনুষ্ঠানৰ সময়তে সংঘটিত হয় এক শোকৱহ দুৰ্ঘটনা। সেই অনুষ্ঠানত গেলেৰীত থকা ৰাজ্যখনৰ মহিলা কংগ্ৰেছ বিধায়িকা ১৫ ফুট উচ্চতাৰ পৰা পৰি যায়।
যাৰ ফলত গুৰুতৰভাৱে আহত হয় বিধায়িকাগৰাকী, বৰ্তমানে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰাজ্যখনৰ কংগ্ৰেছ বিধায়িকা উমা থমাছক।
কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ২৯ ডিচেম্বৰ দেওবাৰে সন্ধিয়া ভিআইপি গেলেৰীৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় কংগ্ৰেছৰ বিধায়ক উমা থমাছ। নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল বিধায়িকাগৰাকী।
কিন্তু, প্ৰায় ১৫ ফুট উচ্চতাৰ পৰা তললৈ পৰি গুৰুতৰভাৱে আহত হয় তেখেত। লগে লগে তেওঁক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমানে তেখেতক ‘ভেন্টিলেটৰ চাপৰ্ট’ত ৰখা হৈছে। চিকিৎসকে জানিব দিয়া অনুসৰি বিধায়িকাগৰাকীয়ে মূৰত আঘাত পাইছে আৰু মেৰুদণ্ডৰ হাড় ভাঙিছে।
স্বামী তথা কংগ্ৰেছ নেতা পি টি থমাছৰ মৃত্যুৰ পিছত ২০২২ চনত উপ-নিৰ্বাচনত জয়ী হৈ উমা থমাছে ট্ৰিক্কাকাৰা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হৈছিল।
কালি ভাৰত নাট্যমৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে হাজাৰৰ ঘৰত ছাত্ৰী সমবেত হৈছিল কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত। সেই অনুষ্ঠানতে বিশেষ অতিথি হিচাপে যোগদান কৰিছিল নেত্ৰীগৰাকী। ভিআইপি গেলেৰীত প্ৰৱেশ কৰাৰ পাছত মঞ্চৰ কাষত ৰখা ৰেলিঙত ভৰি দিয়াৰ লগে লগে মঞ্চৰ পৰা ১৫ ফুট তললৈ পৰি যায় উমা থমাছ।
এই ঘটনাৰ পিছতে ততাতৈয়াকৈ নেত্ৰীগৰাকীক ‘ৰেনাই মেডিচিন’ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনৰ চিকিৎসা সঞ্চালক ডাঃ কৃষ্ণন উন্নী পোলাকুলাথে কয়, ‘নেত্ৰীগৰাকীয়ে মগজু, মেৰুদণ্ড আৰু হাওঁফাওঁত আঘাত পাইছে। হাওঁফাওঁত তেজ জমা হৈছে। বৰ্তমানে তেখেতক নিৰাপদ বুলি ক’ব নোৱাৰি। আগন্তুক ২৪ ঘন্টালৈ পৰ্যবেক্ষণত ৰখাৰ প্ৰয়োজন।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















