২০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত EDএ গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰা সুকেশ চন্দ্ৰশেখৰ আৰু বলিউদৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাণাৰ্ণ্ডেজৰ প্ৰেমৰ নতুন তথ্য ফাদিল হৈছে৷
প্ৰকাশিত তথ্য অনুসৰি সুকেশ চন্দ্ৰশেখৰে এটা দামী হীৰাৰ আঙুঠি উপহাৰ দি জেকলিনক প্ৰেমৰ প্ৰস্তাৱ দিছিল৷ উক্ত আঙুঠিটোত জেকলিন আৰু সুকেশৰ নামৰ আদ্যক্ষৰ সন্নিৱিষ্ট কৰা বুলিও প্ৰকাশ পাইছে৷
ইফালে জেকলিনৰ সৈতে সম্পৰ্ক গঢ়িবলৈও সুকেশৰ সহায়কাৰী পিংকি ইৰাণীয়ে ভুৱা পৰিচয় ধাৰণ কৰিছিল বুলি প্ৰকাশ পাইছে৷
প্ৰকাশিত খবৰ অনুসৰি পিংকি ইৰাণীয়ে গৃহ মন্ত্ৰালয়ৰ পৰা ফোন কৰা বুলি কৈ ভুৱা কলেৰে জেকলিনৰ সৈতে প্ৰথমে সম্পৰ্ক গঢ়িছিল৷
এইদৰে পিংকি ইৰাণীয়ে জেকলিনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰাৰ পিছত সুকেশৰ সৈতে পৰিচয় কৰাই দিছিল৷ এইদৰেই সুকেশ আৰু জেকলিনে সম্পৰ্কলৈ আহিছিল বুলি প্ৰকাশ পাইছে৷
সম্পৰ্কলৈ অহাৰ পিছতে সুকেশ চন্দ্ৰশেখৰে জেকলিনক বহু দামী দামী উপহাৰ প্ৰদান কৰিছিল৷ এই সমস্ত কথা অভিনত্ৰী জেকলিনে EDক অৱগত কৰিছে৷
আনহাতে, সম্পৰ্কলৈ অহাৰ পিছতে জেকলিন আৰু সুকেশৰ মাজত বিবাদৰ সৃষ্টি হৈছিল৷ সেই বিবাদ নিষ্পত্তি কৰিবলৈ সুকেশে পিংকি ইৰাণীক ১০ কোটি টকা দিয়াৰো তথ্য প্ৰকাশ পাইছে৷
ইফালে EDৰ আগত জেকলিনেৰে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই দামী দামী উপহাৰ দিয়া বুলি প্ৰকাশ কৰি সুকেশ চন্দ্ৰশেখৰে কোনো প্ৰতাৰণা তথা প্ৰৱঞ্চনাত জড়িত নাই বুলি দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ