অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ ক’ৰোনা আক্ৰান্ত মৃত ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়াত আক্ৰমণ চলালে বিক্ষুব্ধ জনতাই৷ অর্ধদগ্ধ দেহ এৰি প্ৰাণৰ মায়াত পৰিয়ালৰ লোক পলায়ন কৰিব লগাৰ দৰে সকলো ঘটনা সংঘটিত হৈছে এইখন দেশতে৷ জন্মু-কাশ্মীৰৰ ডোডাৰ বাসিন্দা ৭২ বছৰীয়া এগৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ স্থানীয় শ্মশানত চিটা জ্বলি থকা অৱস্থাতে একাংশ ওচৰ চুবুৰীয়াই অন্ত্যেষ্টিক্ৰিয়াত বাধা প্ৰদান কৰে৷ অকল বাধা প্ৰদানেই নহয়, মৃত ব্যক্তিজনৰ স্ত্ৰী আৰু দুই পুত্ৰক শাৰীৰিকভাৱে অপদস্থ কৰে৷ ৰাইজৰ ৰুদ্ৰ মূর্তি দেখি আধাপোৰা মৃতদেহ এৰি শ্মশানৰ পৰা পৰিয়ালৰ লোকে পলায়ন কৰিবলগীয়া হয়৷ প্ৰশাসনৰ অনুমতিত সৎকাৰৰ ব্যৱস্থা কৰা হৈছিল যদিও ৰাইজৰ বাধাত এনেদৰে আধাপোৰা মৃতদেহ এৰি থৈ আহিবলগীয়া কথাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ পৰৱর্তী সময়ত প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ