ভাৰতত সংক্ৰমণ গতি বৃদ্ধি পাইছে COVIDৰ, কোন ৰাজ্যৰ কি পৰিস্থিতি, কিমান সংক্ৰমিত?
কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1 নামৰ ভাইৰাছ বিধৰ এতিয়া সংক্ৰমণ গতি বৃদ্ধি পাইছে। মাথো কেইটামান সপ্তাহৰ পাছতে চীন-হংকং-ছিংগাপুৰৰ পাছত ভাৰততো এতিয়া বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা। দেশৰ ভিতৰতে সৰ্বাধিক সংক্ৰমিত ৰাজ্য হৈছে কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু কৰ্নাটক।
প্ৰকাশিত তথ্য অনুসৰি কেৰালাতেই সৰ্বাধিক লোক এই ভাইৰাছত সংক্ৰমিত বুলি ধৰা পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰেণ্ডম টেষ্টিং আৰু নিৰীক্ষণ আৰম্ভ কৰা হৈছে।
একে সময়তে তামিলনাডুত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি দিছে প্ৰশাসনে। দিল্লী-নয়দাতো কৰ’না আক্ৰান্তৰ তথ্য পোৱা গৈছে। একে সময়তে মহাৰাষ্ট্ৰতো এজন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।
মে’ মাহত কেৰালাত সৰ্বাধিক Covid আক্ৰান্ত হৈছে ২৭৩ জন। ইয়াৰ লগতে তিনি বছৰৰ পাছত দিল্লীতো ২৩ জন ক’ৰোনা আক্ৰান্ত হৈছে। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুতো কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন ৮৪ বছৰীয়া বৃদ্ধৰ। খবৰ অনুসৰি কৰ্ণাটকত এই পৰ্যন্ত ৩৮ জন নতুনকৈ Covid-19 আক্ৰান্ত ৰোগী ধৰা পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















