অসম লাইভ ২৪ঃ ৩০০ কেজি ওজনৰ এটা বৃহৎ তলা৷ চাবিৰ দৈৰ্ঘ ৩০ কিলো৷ চুৰি কৰোটো দূৰৰে কথা চোৰে দাঙিবই নোৱাৰিব চাবিপাত৷ ৰাম মন্দিৰৰ বাবে নিৰ্মাণ কৰা হৈছে বিশ্বৰ এই সৰ্ববৃহৎ তলাটো৷ তলাটোৰ দৈৰ্ঘ ১০ ফুট আৰু প্ৰস্থ ৬ ফুট৷ চাবিৰ দৈৰ্ঘ ৪ ফুট৷ উত্তৰপ্ৰদেশৰ এহাল দম্পত্তীয়ে নিৰ্মাণ কৰি উলিয়াইছে তলাটো৷ ১ লাখ টকা ব্যয়সাপেক্ষে ৬ মাহৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ কৰিছে তলাটোৰ৷ ৰাম মন্দিৰৰ বাবে তলাটো আগবঢ়াব বিচাৰিছে বৃদ্ধ দম্পত্তীয়ে৷ ৰাম মন্দিৰৰ প্ৰতিকী চিহ্ন তৈয়াৰ কৰা হৈছে তলাটোৰ ওপৰত৷ উত্তৰ প্ৰদেশৰ আলীগড়ৰ সত্যপ্ৰকাশ শৰ্মা আৰু ৰুক্মীনি দেৱী শৰ্মাই সাজি উলিয়াইছে তলাটো৷ ৪০ বছৰ ধৰি তলা নিৰ্মাণৰ ব্যৱসায়ত জড়িত হৈ আছে বৃদ্ধ দম্পত্তি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ