মানুহে যে কেনে আজৱ কাণ্ডবোৰ সংঘটিত নকৰে! আত্মপ্ৰচাৰ তথা ভাইৰেল হোৱাৰ মোহ আৰু ৰোমাঞ্চৰ নামত মানুহে এনে কিছুমান অভাৱনীয় কাণ্ড সংঘটিত কৰে যিবোৰ আপোনাৰ বাবে অকল্পনীয়৷
এইবাৰ ঠিক তেনে এক ঘটনাই সংবাদ শিৰোণাম দখল কৰিছে৷ ঘটনাটো সংঘটিত হৈছে ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত৷
ব্ৰিটিছ সংবাদ পত্ৰ ডেইলী ষ্টাৰত প্ৰকাশিত খবৰ অনুসৰি এহাল ব্ৰিটিছ দম্পতীয়ে লণ্ডৰ আটাইতকৈ ওখ আট্টালিকা দ্য শ্বাৰ্ডত মুকলিলৈ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি নিজেই সেই ভিডিঅ’টো ভাইৰেল কৰিছে৷
লগতে পঢ়ক সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক
দম্পতীহালে ভিডিঅ’টো ৱেব ছাইটত আপলোড কৰাৰ পিছতে বহুলোকে অসন্তুষ্টি প্ৰকাশ কৰি নিষিদ্ধ কৰিবলৈ দাবী জনাইছে৷ ছ’চিয়েল মিডিয়াত ইউজাৰসকলে এই দম্পতীক তীব্ৰ সমালোচনাও কৰিছে।
ডেইলী ষ্টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি দম্পতীহালে অট্টালিকাটোৰ প্ৰায় ১০১৫ ফুট উচ্চতাত এই ভিডিঅ’টো ৰেকৰ্ডিং কৰিছিল৷ উল্লেখ্য যে ব্ৰিটেইনৰ আটাইতকৈ ওখ বিল্ডিং হৈছে এই দ্য শ্বাৰ্ড বিল্ডিং।
লগতে পঢ়ক ১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?
তাৎপৰ্যপূৰ্ণভাৱে দম্পতীহালৰ এই ভিডিঅ’টো বহু লাখ লোকে দৰ্শন কৰিছে। প্ৰতিবেদনখনৰ মতে এই ভিডিঅ’ ক্লিপটো প্ৰায় ৩ মিনিটৰ। ৱেবচাইটত এই ভিডিঅ’টো আপলোড কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।
ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত বহু লোকে দ্য শ্বাৰ্ডক এই দম্পতীহালক তাত নিষিদ্ধ কৰিবলৈ দাবী জনাইছে যাতে তেওঁলোকে পুনৰ আট্টালিকাটোলৈ ঘূৰি আহিব নোৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















