অহা ১ জুলাইৰ পৰা দেশত বিভিন্ন নিয়ম সলনি হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে এইবাৰ আহিছে তেনে ধৰণৰ এটা বিশেষ খবৰ৷ ১ জুলাইৰ পৰা প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ!
অহা শুকুৰবাৰৰ পৰা দেশত এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব পাৰে৷ অৰ্থাৎ সমগ্ৰ দেতে এবাৰ ব্যৱহাৰৰ উপযোগী সকলো প্ৰকাৰৰ প্লাষ্টিকৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহিব পাৰে।
নিষিদ্ধ হ’বলগীয়া প্লাষ্টিকৰ সামগ্ৰী ভিতৰত কাণ খোচৰা তুলা লগোৱা প্লাষ্টিকৰ ষ্টিক, কাপ, গিলাচ, চামুচ, প্লাষ্টিকৰ ষ্ট্ৰ, প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, পলিষ্টাইৰিন (থাৰ্মোকল) প্লেট আদি থাকিব। ইয়াৰ ফলত প্লাষ্টিক উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহ বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব বুলিও আশংকা কৰা হৈছে৷
লগতে পঢ়ক সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!
চৰকাৰে সৰ্বমুঠ ১৯ প্ৰকাৰৰ সামগ্ৰীৰ ওপৰত এই নিষেধাজ্ঞা জাৰি কৰিব পাৰে বুলি কোৱা হৈছে। সেইসমূহ হৈছে —
১. বেলুনৰ বাবে প্লাষ্টিকৰ লাঠি
২. প্লাষ্টিকৰ পতাকা
৩. কেণ্ডি ষ্টিক
৪. আইচক্ৰীম ষ্টিক
৫. থাৰ্মোকল
৬. প্লাষ্টিক প্লেট
৭. কাপ
৮. গ্লাছ
৯. কাটলেৰী
১০. কাটা চামুচ
লগতে পঢ়ক লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ
১১. চামুচ
১২. ছুৰী
১৩. ষ্ট্ৰ’
১৪. ট্ৰে
১৫. মিঠাইৰ পেকেট মেৰিয়াই বা পেক কৰা প্লাষ্টিক
১৬. নিমন্ত্ৰণ পত্ৰ
১৭. চিগাৰেটৰ পেকেট
১৮. ১০০ মাইক্ৰনতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ
১৯. কাণ খোচৰা লাঠি
লগতে পঢ়ক নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!
ইয়াৰোপৰি ভৱিষ্যতে এই তালিকাত আৰু বহুতো সামগ্ৰীৰ নাম সন্নিবিষ্ট হ’ব পাৰে৷ চৰকাৰে সদৰী কৰা মতে এই প্লাষ্টিকৰ ব্যৱহাৰৰ সলনি কাপোৰ বা কাগজৰ বেগ, বাঁহৰ চামুচ, মাটিৰ কাপ আদি বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব।
ভাৰত চৰকাৰে এবাৰ ব্যৱহাৰ উপযোগী প্লাষ্টিকৰ ফলত বৃদ্ধি হোৱা প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবেই এই দৃঢ় পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে দেশত প্ৰতি বছৰে ২.৪ লাখ টন একক ব্যৱহাৰৰ কৰা প্লাষ্টিক পেলাই দিয়া হয়, যিয়ে দেশত ভয়াৱহ প্ৰদুষণৰ সৃষ্টি কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ