ৰাজস্থানৰ উদয়পুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ নূপুৰ শৰ্মাৰ সমৰ্থনত চ’ছিয়েল মিডিয়াত পোষ্ট লিখাৰ বাবেই এজন হিন্দু লোকক ডিঙি কাটি হত্যা কৰা হৈছে৷
ৰাজস্থানৰ উদয়পুৰত দৰ্জীৰূপে কৰ্মৰত কানহাইয়ালালক দুজন মুছলমান ধৰ্মাৱলম্বী যুৱকে অতি নিষ্ঠুৰভাৱে হত্যা কৰে৷ হত্যাকাণ্ডৰ পিছতে দুই অভিযুক্তই ভিডিঅ’ও প্ৰকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো হত্যাৰ ভাবুকি প্ৰদান কৰিছে।
ঘটনাৰ বিৱৰণীৰ যুৱক দুজনে কাপোৰ চিলাইৰ অজুহাত দেখুৱাই দোকানখনত প্ৰৱেশ কৰি এই অপৰাধ সংঘটিত কৰি থকাৰ সময়তে এটা ভিডিঅ’ ৰেকৰ্ডিঙো কৰে।
লগতে পঢ়ক কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?
ভিডিঅ’টোত দেখা গৈছে দুজন আক্ৰমণকাৰীয়ে হাতত তৰোৱাল লৈ অপৰাধৰ কথা স্বীকাৰ কৰিছে। তৰোৱালত লাগি থকা তেজ দেখুৱাই হাঁহি মুখেৰে লোক দুজনে কয়, ‘আমি উদয়পুৰত মহম্মদ ৰিয়াজ আনছাৰী আৰু মোৰ বন্ধু মহম্মদ ভাইয়ে ইয়াৰ মূৰ কাটি পেলাইছো।’’
ইয়াৰ পিছতে আল্লাক সম্বোধন কৰি ধৰ্মীয় শ্লোগান দি কয় ‘‘আমি তোমাৰ বাবে আৰু তোমাৰ বাবে জীয়াই থাকিম। উইল ডাই ফৰ ইউ।’’ আক্ৰমণকাৰীয়ে প্ৰধানমন্ত্ৰী মোদীক হত্যা কৰাৰ ভাবুকি দি কয়, ‘‘নৰেন্দ্ৰ মোডী শুনক, আপুনি জুই লগাইছে আৰু আমি নুমুৱাম, আমি আল্লাৰ ওচৰত দোৱা কৰিছো যে এই তৰোৱালখনো আপোনাৰ ডিঙিক হানিব।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ