বিবাহপাশত আৱদ্ধ হোৱা মাত্ৰ ছমাহে হৈছিল৷ এই ছমাহৰ ভিতৰতে পাৰিবাৰিক সংঘাতৰ এক ভয়ংকৰ পৰিণতি পোহৰলৈ আহিছে৷
পাৰিবাৰিক সংঘাতৰ বাবেই ছমাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা এহাল নৱদম্পতীয়ে পুখুৰীত জাঁপ দি আত্মহত্যা কৰিছে৷ এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰী সাপেখাটি গৰিয়াচিগা গাঁৱত৷
লগতে পঢ়ক ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে
ঘটনাৰ বিৱৰণীৰ মতে মাত্ৰ ছমাহৰ পূৰ্বে বিবাহবাশত আৱদ্ধ হোৱা কমল দাস আৰু সুৰভী দাসে পুখুৰীত জাঁপ দি আত্মহত্যা কৰে৷ SDRFৰ এটা দলে দুয়োৰে মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে৷
এই শোকাৱহ ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে৷
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰিলেও আৰক্ষীৰ তদন্ততহে সঠিক তথ্য পোহৰলৈ আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ