দেশজুৰি স্বাধীনতাৰ ৭৫ বৰ্ষপুতি উদযাপনৰ আনন্দ উল্লাসৰ মাজতে এক অতি শোকাৱহ ঘটনাৰ খবৰে দেশবাসীক ম্ৰিয়মাণ কৰি তুলিছে৷
স্বাধীনতা দিৱসৰ এদিনৰ পিছতে অৰ্থাৎ আজি মংগলবাৰে ভূস্বৰ্গ কাশ্মীৰত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে৷ দুৰ্ঘটনাটোত থিতাতে আইটিবিপিৰ ৬ গৰাকীকৈ জোৱান শ্বহীদ হৈছে আৰু ৩০ গৰাকী জোৱান আহত হৈছে৷
প্ৰকাশিত খবৰ মতে ৩৭ গৰাকী জোৱানকলৈ যাত্ৰা কৰা এখন বাছ জম্মু-কাশ্মীৰৰ পাহেলগাঁৱৰ সমীপৰ চন্দনৱাৰীৰ জিগ ম’ৰ ফ্ৰীছলানত নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰীয়া নৈত বাগৰি পৰে৷
#WATCH Bus carrying 37 ITBP personnel and two J&K Police personnel falls into riverbed in Pahalgam after its brakes reportedly failed, casualties feared#JammuAndKashmir pic.twitter.com/r66lQztfKu
— ANI (@ANI) August 16, 2022
লগতে পঢ়ক প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!
দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান চলাই ৩৭ গৰাকী জোৱানৰ ভিতৰত ৩৫ গৰাকী জোৱানক উদ্ধাৰ কৰা হৈছে৷ ক্ষীপ্ৰতাৰে ১৯ খন এম্বুলেন্স সেই স্থানত উপস্থিত হয় আহত জোৱানসকলক চিকিৎসালৈ প্ৰেৰণ কৰা হয়।
ইফালে গুৰুতৰভাৱে আহত জোৱানসকলক উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰযোগে শ্ৰীনগৰস্থিত সেনাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সামান্যভাৱে আহত জোৱানসকলক অনন্তনাগ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ