ওপৰত গেৰুৱা মাজত শুকুলা তলত সেউজীয়া আৰু মাজৰ শুকুলাতে আছে এটা যঁতৰ৷ এয়া হৈছে প্ৰাক-স্বাধীন ভাৰতৰ পতাকা৷ কংগ্ৰেছৰ ভলেণ্টিয়াৰ তথা স্বাধীনতা সেনানীসকলে এই পতাকাখন উৰুৱাইয়ে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ যুঁজত অৱতীৰ্ণ হৈছিল৷
এতিয়া বিলুপ্তপ্ৰায় এই পতাকা৷ কিতাপ পত্ৰ আৰু কোনোবা সংগ্ৰহালয়ত পোৱাৰ বাহিৰে এই পতাকাখন ক’তোৱে উপলব্ধ নহয়৷ তেনে এখন দুৰ্মূল্যপ্ৰায় পতাকা উদ্ধাৰ হৈছে অসমত৷ স্বাধীনতা লাভ কৰাৰ ৭৫ টা বছৰ পূৰ্ণ কৰাৰ উপলক্ষ্যে সমগ্ৰ দেশতে ‘আদাজী কা অমৃত মহোৎসৱ’ উদযাপন কৰা হয়৷ এই মহোৎসৱৰ লগতে সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ৰপৰা ২৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচীও পালন কৰিবলৈ আহ্বান জনায়৷
এই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ জনগণে নিজৰ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰে৷ তেনে সময়তে উজনি অসমৰ চৰাইদেউ জিলাৰ সোণাৰীৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱত উদ্ধাৰ হয় ৯০ বছৰীয়া পুৰণি এই পতাকাখন৷ যিখন পতাকা ১৯৩১ চনৰ বুলি দাবী কৰা হৈছে৷ খাদী কাপোৰৰ পতাকাখনৰ ওপৰত গেৰুৱা, মাজত শুকুলা আৰু তলত সেউজীয়া আৰু মাজৰ শুকুলাতে আছে এটা যঁতৰ৷
লগতে পঢ়ক ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে
এই পতাকাখন উদ্ধাৰ হোৱাৰ লগে লগে গাঁৱৰ গঞাৰ মাজত ব্যাপক উৎকণ্ঠা আৰু চাঞ্চল্যৰো সৃষ্টি হয়৷ গঞাই পতাকাখন প্ৰত্যক্ষ কৰিবলৈ উদ্ধাৰ হোৱাৰ পিছতে নয়নমণি ৰাজখোৱাৰ বাসগৃহত হেতাওপৰা লগায়৷
উল্লেখ্য যে পতাকাখন নয়নমণি ককাক তথা স্বাধীনতা যুঁজাৰু পদ্মেশ্বৰ ৰাজখোৱাই স্বাধীনতা সংগ্ৰামত ব্যৱহাৰৰ কৰিছিল৷ জানিব পৰা মতে নয়নমণিৰ কন্যাই আইতাকক এখন জাতীয় পতাকা লাগে বুলি আব্দাৰ কৰি থকাৰ বাবে আইতাকে এটা পুৰণি বাকচৰ পৰা ৯০ বছৰীয়া এই পুৰণি পতাকাখন উলিয়াই দিয়ে৷ ইয়াৰ পিছতে এই পতাকাখনে এতিয়া সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰা দেখা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ