ক্ৰমাৎ কোভিড পৰিস্থিতিৰ উন্নতি। সমগ্ৰ দেশতে ক্ৰমাৎ কোভিড পৰিস্থিতিৰ উন্নতি ঘটিছে। চৰকাৰী তথ্য অনুসৰি অসমতো কমিছে আক্ৰান্তৰ সংখ্যা। চলিত মাহত ৰাজ্যত হ্ৰাস হৈছে সংক্ৰমণৰ হাৰ। ১-৪ ফেব্ৰুৱাৰীলৈ ৰাজ্যত ক’ৰোনা সংক্ৰমণৰ তথ্য এনেধৰণৰ- ১ ফেব্ৰুৱাৰীত ৰাজ্যত ৪ শতাংশলৈ কমিল আক্ৰান্তৰ সংখ্যা। কামৰূপ মহানগৰ জিলাত সেইদিনা ৩৪৩গৰাকী আক্ৰান্ত হৈছিল। ২ ফেব্ৰুৱাৰীত ৩.০৮ শতাংশলৈ কমিল আক্ৰান্তৰ সংখ্যা।
কামৰূপত আক্ৰান্ত হৈছিল ২৫৪গৰাকী। ৩ ফেব্ৰুৱাৰীত ৩.০৪ শতাংশলৈ কমিল আক্ৰান্তৰ সংখ্যা। কামৰূপ মহানগৰ জিলাত সেইদিনা ২৩৮ গৰাকী আক্ৰান্ত হৈছিল। ৪ ফেব্ৰুৱাৰীত ২.৬৭ শতাংশলৈ কমিল আক্ৰান্তৰ সংখ্যা। কামৰূপ মহানগৰ জিলাত সেইদিনা ১৬৫ গৰাকী আক্ৰান্ত হৈছিল। আনহাতে এই চাৰিদিনত আৰোগ্যৰ হাৰ উন্নীত হ’ল ৯৭.২৫ শতাংশলৈ। নিশ্চিতভাৱে মহামাৰীৰ এই ভয়াৱহ কালত এয়া ভাল খবৰ। আনহাতে সমগ্ৰ দেশতে কমিছে আক্ৰান্তৰ হাৰ।
জানুৱাৰীৰ অন্তিম সপ্তাহৰ পৰাই আক্ৰান্তৰ সংখ্যা কমিছে দেশত। শুকুৰবাৰে ৮ শতাংশলৈ কমিল আক্ৰান্তৰ হাৰ। আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ কেইবাখনো ৰাজ্যই পুনৰ শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিছে। দেশৰ ৰাজধানী দিল্লী আৰু উত্তৰপ্ৰদেশত ৭ ফেব্ৰুৱাৰীৰ পৰা আংশিকভাৱে শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত লৈছে অৰবিন্দ কেজৰিৱাল চৰকাৰে। দিল্লীত জিম খোলাৰো সিদ্ধান্ত লৈছে। একেদৰে নৈশ সান্ধ্য আইনৰ সময়ো হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। এনে অৱস্থাত শীঘ্ৰেই দেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ