কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ অৱস্থা সংকটজনক৷ মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত গুৰুতৰ অৱস্থাত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী৷ কালিৰ দিনটোত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত সম্প্ৰতি ভেণ্টিলেটৰত ৰখা হৈছে তেওঁক৷
ব্ৰীজ কেণ্ডি হাস্পতালৰ ICUত আজি ২৭ দিন অতিক্ৰম কৰিলে লতা মংগেশকাৰে৷ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তুলিছে চিকিৎসালয় কৰ্তৃপক্ষই৷ চিকিৎসালয়ৰ চৌহদত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী৷
মহাৰাষ্ট্ৰৰ নৱ নিৰ্মাণ সেনাৰ প্ৰধান ৰাজ থাকৰেই আজি সাক্ষাৎ কৰে কণ্ঠশিল্পীগৰাকীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ