এতিয়াও শাম কটা নাই দুই সীমান্তৱৰ্তী চিৰ বৈৰী ৰাষ্ট্ৰ ৰাছিয়া আৰু ইউক্ৰেইন মাজৰ যুদ্ধসৃদশ পৰিস্থিতিৰ৷
এতিয়াও আগ্ৰাসী ৰছিয়াৰ আক্ৰমণৰ শংকাই আতংকিত কৰি ৰাখিছে ইউৰোপীয়ান ৰাষ্ট্ৰ ইউক্ৰেইনক৷
সীমান্তৱৰ্তী চিৰ বৈৰী ৰাষ্ট্ৰদুখনৰ মাজৰ যুদ্ধসৃদশ উত্তেজনাৰ মাজতে ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লোদিমিৰ জেলেনস্কিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ সৈতে আলোচনাত মিলিত হৈছে৷
এই উত্তেজনাৰ মাজতে ৰাছিয়াই আক্ৰমণ কৰিলে যিকোনো প্ৰকাৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছে ইউক্ৰেইনে৷
আক্ৰমণ কৰিলে ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ আমেৰিকাই ইউক্ৰেইনক প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷ আনকি, আমেৰিকাই ইতিমধ্যে ইউক্ৰেইনক সামৰিক সহযোগিতা আগবঢ়োৱা বুলিও প্ৰকাশ পাইছে৷
ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ইতিমধ্যে ৰাছিয়ান সৈন্যই ইউক্ৰেইন সীমান্তৰ কে’বাঠাইতো ঘাটি পাতি কে’বা হাজাৰো সেনা মোতায়েন কৰিছে৷
ইয়াৰ পিছতে ইউক্ৰেইনে ৰাছিয়াৰ সীমান্তৱৰ্তী ইয়াভোৰিত শিবিৰ পাতি টেংক বিৰোধী ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ প্ৰতিৰোধী গাড়ীৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে৷ ইউক্ৰেইনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আমেৰিকান সেনাই ইউক্ৰেইনৰ সেনাক এই প্ৰশিক্ষণ প্ৰদান কৰি আছে৷
ইফালে, আমেৰিকাই ইউক্ৰেইনক ২০ কোটি ডলাৰ (প্ৰায় ১,৫০০ কোটি টকা) সামৰিক সাহায্য প্ৰদান কৰিছে৷
‘‘আমেৰিকাৰ পৰা প্ৰথম পৰ্যায়ৰ অস্ত্ৰ আৰু সামৰিক সৰঞ্জাম আহি পাইছেহি৷ দ্বিতীয় পৰ্যায়ৰ অস্ত্ৰপাতি আৰু সৰঞ্জামসমূহো অতি শীঘ্ৰেই আহি পাবহি৷’’ ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ওলেক্সি ৰেজনিভকে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়৷
ইউক্ৰেইনৰ শীৰ্ষ সেনা বিষয়া আন্দ্ৰেই বাস্তিউফেও শত্ৰুপক্ষৰ চহৰাঞ্চলৰ ঘাটিসমূহ চিহ্ণিত কৰি সেইবোৰ ধ্বংস কৰা সৰঞ্জামো আমেৰিকাৰ পৰা ইউক্ৰেইন আহি পোৱা বুলি প্ৰকাশ কৰিছে৷
ইয়াৰ পৰা স্পষ্ট হৈছে যে ৰাছিয়াই যিকোনো মুহূৰ্তে আক্ৰমণ সংঘটিত কৰিলে ইউক্ৰেইনে তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে৷ ইউক্ৰেইনৰ এই প্ৰস্তুতিয়ে দুয়ো দেশৰ মাজত যুদ্ধ প্ৰায় অৱশ্যম্ভাৱী বুলি বিশ্বৰ যুদ্ধ বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ