অসম লাইভ ২৪ : আৰু মাত্ৰ ৩-৪ দিনৰ ভিতৰতে দেশৰ ২০ হাজাৰখন ব্যক্তিগত হাস্পতালত উপলব্ধ হ’ব ক’ভিড ১৯ৰ প্ৰতিষেধক। যি সকলে চৰকাৰী চিকিৎসালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ হাস্পতাল, নাৰ্ছিং হোম, ক্লিনিকত ক’ভিড ১৯ ভেকচিন ল’ব বিচাৰে তেওঁলোকৰ বাবে এই ব্যৱস্থা। অৱশ্যে ব্যক্তিগত হাস্পতালত ভেকচিনৰ মূল্য পৰিশোধ কৰিব লাগিব। চৰকাৰী হাস্পতালত ক’ভিডৰ প্ৰতিষেধক বিনামূলীয়া কৰি ৰখা হৈছে যদিও ব্যক্তিগত হাস্পতালত এই ভেকচিন বিনামূলীয়া নহ’ব। ভেকচিনৰ দাম কিমান হ’ব সেয়া অচিৰেই প্ৰকাশ কৰিব চৰকাৰে। ভেকচিনৰ উৎপাদক আৰু চিকিৎসালয় সমূহৰ সৈতে কথা পাতি ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰা হ’ব। ১ মাৰ্চৰ পৰা যি সকল লোকৰ বয়স ৬০ বেছি তেওঁলোকক ভেকচিন প্ৰদানৰ কথা ঘোষণা কৰা হৈছে। লগতে ৪৫ উৰ্ধৰ যি সকল লোকৰ কো মৰ্বিডিটি আছে তেওঁলোকেও এই পৰ্যায়ত প্ৰতিষেধক লাভ কৰিব। ১০ হাজাৰ চৰকাৰী হাস্পতালত ক’ভিড ১৯ৰ প্ৰতিষেধক দি থকা হৈছে। আনহাতে ২০ হাজাৰ বেচৰকাৰী হাস্পতালত ভেকচিনৰ মূল্য পৰিশোধ কৰি ভেকচিন গ্ৰহণৰ সুবিধা দিয়াৰ ফলত প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ