নতুন বছৰৰ পূৰ্বেই ভাল খবৰ দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ মানিটাৰি পলিছি কমিটিৰ বৈঠকত ৰেপো ৰেট কমোৱাৰ সিদ্ধান্ত লৈছে RBI য়ে৷ শুকুৰবাৰে ২৫ বেচিচ পয়েণ্ট ৰেপো ৰেট কমোৱাৰ পথত কেন্দ্ৰীয় বেংক৷ আৰু ইয়াৰ পাছতেই আৰম্ভ হৈছে আলোচনাও৷ শীঘ্ৰেই সস্তা হব পাৰে গাড়ী আৰু ঘৰৰ ঋণ৷
বিশেষজ্ঞই জনাইছে যে ৰেপো ৰেট কমাৰ অৰ্থ হৈছে আৰ বি আইয়ে বেংকসমূহক যি সুদৰ হাৰত ঋণ দিয়ে সেই ঋণৰ হাৰ আৰু সস্তা হোৱা৷ ইয়াৰ ফলস্বৰূপে বেংকসমূহে গ্ৰাহকসকলৰ বাবে দীৰ্ঘম্যাদত লোন সস্তা কৰিব পাৰে৷ জানি থওক ১০ লাখ, ২০ লাখ আৰু ৫০ লাখৰ ঋণৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব পাৰে? কিমান সস্তা হব পাৰে ঋণ?
১০ লাখৰ ঋণত ই এম আই কিমান হ’ব?
যদি কোনো ব্যক্তিয়ে ১০ লাখ টকাৰ গৃহঋণ বা বাহনৰ ঋণ লয় আৰু ইয়াৰ ম্যাদ যদি ২০ বছৰ হয় তেতিয়া ইএমআই কিমান হ’ব? ইয়াৰোপৰি বেংকে যদি ৯শতাংশ সুদৰ হাৰত এই ঋণ দিয়ে তেতিয়া সেই গ্ৰাহকৰ মাহিলী ইএমআই আছিল ১৭,৯৯৫ টকা৷ এতিয়া যিহেতু আৰ বি আইৰ ৰেপো ৰেট ২৫ বেচিছ পয়েণ্ট কমাইছে ফলত বেংকেও যদি একেধৰণে সুদ কমায় তেতিয়া সুদৰ হাৰ ৮.৭৫ শতাংশলৈ নামি আহিব৷ ইয়াৰ ফলত গ্ৰাহকৰ EMI ১৭,৬৭৪ টকা হব পাৰে৷ ইয়াৰ মানে হৈছে প্ৰতিমাহে EMI-ত ৩২১ টকা কমি যোৱা৷
২০ লাখৰ ঋণত EMI কিমান কমিব পাৰে?
ধৰি লোৱা হওক কোনো ব্যক্তিয়ে যদি ২০ লাখ টকাৰ গৃহ ঋণ বা বাহনৰ ঋণ লয় আৰু ইয়াৰ ম্যাদ যদি ২০ বছৰ হয় তেতিয়া ৯শতাংশ সুদৰ হাৰত মাহিলী ইএমআই আছিল ১৭,৯৯৫ টকা৷ কিন্তু এতিয়া যিহেতু RBIৰ ৰেপো ৰেট ২৫ বেছিচ পয়েণ্ট কমাইছে তেনেক্ষেত্ৰত বেংকেও যদি সুদ কমাই তেন্তে ঋণৰ সুদৰ হাৰ ৮.৭৫ শতাংশলৈ নামি আহিব৷ সেই অনুসৰি EMI হব ১৭,৬৭৪ টকা৷ ইয়াৰ অৰ্থ হৈছে প্ৰতিমাহে EMI-ত ৩২১ টকা কমি যোৱা৷
৫০ লাখ টকাৰ ঋণত EMI কিমান হ’ব?
ধৰি লোৱা হল কোনো ব্যক্তিয়ে ৩০ বছৰৰ ম্যাদত ৫০ লাখ টকাৰ ঋণ লৈছে৷ সুদৰ হাৰ আছে ৮.৫শতাংশ৷ তেনে ক্ষেত্ৰত বৰ্তমান তেওঁৰ EMI আছে ৩৮,৪৪৬ টকা৷ বেংকে সুদৰ হাৰ কমালে নতুন EMI হ’ব ৩৭,৫৬৩টকা৷ ইয়াৰ অৰ্থ মাহিলী কিস্তিৰ পৰিমাণ ৮৩৩ টকালৈ কমি যোৱা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















