অসম লাইভ ২৪ঃ ইটোৰ পিছত সিটো বিপদে লগ এৰা নাই ভাৰতক। পুনৰ সাজো হোৱাৰ সময় আহিল প্ৰকৃতিৰ সৈতে যুদ্ধ দিয়াৰ। পৰিৱেশ প্ৰদূষণৰ লগে লগে সলনি হৈছে বতৰ। বতৰ সলনিৰ লগে লগে প্ৰকৃতিয়ে নিজৰ বিভিন্ন ভয়ংকৰ ৰূপ প্ৰকট কৰাত লাগিছে। এইবাৰ পুনৰ ৰুষ্ট প্ৰকৃতি। আহি আছে জাৱাদ। ঘূৰ্ণীবতাহ জাৱাদৰ শংকা দক্ষিন ভাৰতৰ লগতে উত্তৰ ভাৰততো দেখা দিছে। ইতিমধ্যে ঘূৰ্ণীবতাহ জাৱাদ অহাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে পশ্চিম বংগৰ দিশে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগে বাতিল কৰিবলৈ বাধ্য হৈছে ৯৫ খন যাত্ৰীবাহী ৰে’ল। আনহাতে জাৱাদৰ বাবে কৰ্ণাটকৰ পৰা গুৱাহাটী অভিমুখি ৰে’লযাত্ৰাও বাতিল কৰিবলৈ বাধ্য হৈছে ৰে’ল বিভাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ