অসম লাইভ ২৪ঃ “যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে।” অৱশ্যে, মহিলাসকলে বিশ্বাস কৰিবলৈ চৰ্তবদ্ধ যে তেওঁলোকে সমাজৰ এক বিষয় বস্তু হোৱাতকৈ এক অস্থিৰ, বিষাক্ত সম্পৰ্কত থাকিব বিচাৰে। আচৰিত কথাটো এয়াই যে, আপত্তিজনক বিবাহত বান্ধ খাই থাকিবলৈ সমাজে এতিয়াও উপদেশ দিয়ে। পাৰভিজ শ্বেখৰ সৈতে এই ছবিখনৰ লিখনিত সহায় কৰা নৱাগতা পৰিচালক জছমিত কে ৰীনে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সামাজিক-মানসিক পৰিৱেশৰ মাজত পিতৃতান্ত্ৰিকতা আৰু ঘৰুৱা হিংসাৰ পৰত তীক্ষ্ণ দৃষ্টি ৰাখে। মুম্বাইত স্থিত, য’ত ধনী আৰু দুখীয়াই একেলগে বাস কৰে আৰু স্থিতিস্থাপকতা উচ্চ হয়, দুগৰাকী মহিলা – মাতৃ আৰু কন্যা, নৰকত তেওঁলোকৰ নিজৰ স্বৰ্গ বিচাৰি পায়। ক’লা ডাৱৰে আৱৰা তেঁওলোকৰ জীৱনত অকণমান ৰ’দ অনাৰ উপায় বিচাৰি উলিয়ায় । তেওঁলোকে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈও হাঁহিবলৈ বাট উলায়াই।
ইফালে হামজা নামৰ চৰিত্ৰটো অভ্যাসগতভাৱে মাতাল বা অনাৱশ্যকীয় ক্ৰোধৰ দ্বাৰা চালিত। তেনে অৱস্থাত নিজ পত্নী বদ্ৰুক হামজাই প্ৰতি নিশা মাৰ-ধৰ কৰে কিন্তু পিছদিনা ৰাতিপুৱা তাই তেওঁৰ বাবে এক অমলেট তৈয়াৰ কৰে। হামজাই তেওঁৰ ‘ডাৰ্লিং’ৰ ওচৰত ক্ষমা বিচাৰে আৰু তাই আনন্দেৰে তেওঁক ক্ষমা কৰে… এই চক্ৰ অব্যাহত থাকে। তাই নিজকে মনত পেলাই যে তেওঁলোকৰ প্ৰেম বিবাহ আৰু এনে উৎপীড়ন সচৰাচৰ সকলোৰে ক্ষেত্ৰত হয়তো প্ৰযোজ্য।
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?
অৱশ্যে, এক কৰুণ ঘটনাই তাইক তাইৰ জীৱনৰ সিদ্ধান্ত আৰু তাইৰ প্ৰৱঞ্চক স্বামীৰ ওপৰত তাইৰ দৃষ্টিভংগী পুনৰ নিৰীক্ষন কৰিবলৈ বাধ্য কৰে। হিংসাই হিংসাৰ জন্ম দিয়ে কিন্তু প্ৰতিশোধে আপোনাক মুক্ত কৰিব পাৰে নেকি? ইয়াত প্ৰকৃত ভুক্তভোগী কোন – যি সন্দেহজনক পদ্ধতি ব্যৱহাৰ কৰিও পুনৰ যুঁজ দিয়ে নে যিয়ে প্ৰেমৰ নামত উৎপীড়ন স্বাভাৱিক বুলি ভাবি সহ্য কৰি যায়?
ট্ৰেইলাৰৰ বিপৰীতে, ‘ডাৰ্লিংছ’ একেবাৰে ডাৰ্ক কমেডি বা এটা টুইষ্টেড চাচপেন্সফুল থ্ৰিলাৰ নহয়। এক ৰৈখিক, সৰল ধৰণে কোৱা চলচ্চিত্ৰখন এজন উৎপীড়কৰ বিষয়ে যিয়ে তেওঁৰ সঙ্গীক শোষণ কৰে। যদিও হাতত থকা বিষয় আৰু পৰ্যৱেক্ষণ শক্তিশালী, কাহিনী কোৱা আৰু সম্পাদনাৰ বাবে কিছু কামৰ প্ৰয়োজন আছিল। ছবিখনৰ ক্লাইমেক্সটোৱে দৰ্শকক ভাবিবলৈ ঠাই এৰি দিয়ে। ‘ডাৰ্লিংছ’ ছবিখন শ্বেফালী আৰু আলিয়াৰ অভিনয়ে জীয়াই তুলে । দুয়োগৰাকী অভিনেত্ৰীয়ে তেওঁলোকৰ চকুৰে অভিনয় কৰে । মাক আৰু জীয়েকৰ মাজৰ সৌহাৰ্দ্যই এই চলচ্চিত্ৰখনৰ গতি নিৰ্ধাৰণ কৰে – এয়া হয়তো হৃদয় কঁপাই তোলা আৱেগিক দৃশ্যই হওঁক নতুবা কঠিন দৃশ্য। তেওঁলোকে অনায়াসে তেওঁলোকৰ চৰিত্ৰত সোমাই পৰে। ছবিখনৰ অভিনয়শৈলী ইমানেই শক্তিশালী যে উপভোগ কৰি থকাৰ সময়ত দৰ্শকেও নিজকে তেঁওলোকৰ জীৱনৰ এক অংশিদাৰ হৈ পৰিবলৈ বাধ্য হয়। তেওঁলোকৰ জীৱনত পুৰুষসকলে হতাশ কৰাৰ স্বত্বেও, তেওঁলোকে নিজকে ভুক্তভোগী হিচাপে নাচাবলৈ বাছি লয় আৰু সেইটোৱেই হৈছে এই সাহসী ঘৰুৱা নাটকৰ মুখ্য আকৰ্ষণ যি পুৰুষৰ বিশেষাধিকাৰ, শাৰীৰিক-আৱেগিক উৎপীড়ন আৰু ভীতি প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰে। এই ছবিখন চোৱাৰ কেইবাটাও কাৰণ আছে, কিন্তু শেফালী আৰু আলিয়াৰ উজ্জ্বল প্ৰদৰ্শন তালিকাৰ শীৰ্ষত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ