আন্তৰ্জাতিক মহাকাশ ষ্টেচন আই এছ এছত আছে ভাৰতীয় বংশোদ্ভুত আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু সংগী বুচ উইলমোৰ৷ নমাহৰ পাছত তেওঁ পৃথিৱীলৈ উভতি আহিব৷ তেওঁলোকক উভতাই আনিবলৈ আই এছ এছত উপস্থিত হৈছে এলন মাস্কৰ সংস্থা স্পেছ এক্সৰ মহাকাশযান৷ অৱশেষত পৃথিৱীত উপস্থিত হোৱাৰ সময়ো জনাই দিলে নাছাই৷ আমেৰিকাৰ ফ্লৰি়ডাৰ উপকূলত স্থানীয় সময় অনুসৰি মঙলবাৰে বিয়লি ৫বাজি ৫৭ মিনিটত তেওঁলোকে পৃথিৱীত লেণ্ড কৰিব৷ ভাৰতৰ ঘড়ীত সেই সময় বুধবাৰে বিয়লি ৩ বজাত৷
বুধবাৰে ১৯ তাৰিখে পৃথিৱীত উপস্থিত হব বুলি পূৰ্বেই জনাইছিল যদিও সময় সঠিককৈ কোৱা নাছিল নাছাই৷ শেষত সময়ৰ কথাও ঘোষণা কৰিলে নাছাই৷ দেওবাৰে নিশা এক বিবৃতিযোগে সময়ৰ কথা জনাইছে আমেৰিকান মহাকাশ সংস্থাই৷ এই অৱতৰণ প্ৰক্ৰিয়া নাছাই পোনপটীয়াকৈ সম্প্ৰচাৰণ কৰিব৷
নাছাই জনাইছে যে ভাৰতীয় সময় পুৱা ৮ বাজি ১৫ মিনিটৰ পৰাই সুনীতাৰ অৱতৰণ প্ৰক্ৰিয়াৰ লাইভ সম্প্ৰচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব৷ নাছাৰ ৱেবচাইট আৰু সামাজিক মাধ্যমৰ পৃষ্ঠাত এই লাইভ দেখা যাব৷ সেই সময়ত তেওঁলোকৰ মহাকাশযানখনৰ দুৱাৰ বন্ধ হব৷ আৰম্ভ হব মহাকাশ ষ্টেচনৰ পৰা উভতি অহাৰ প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়া সম্পন্ন হলেই আৰম্ভ হব পৃথিৱীমুখী যাত্ৰা৷
দেওবাৰে পুৱা সুনীতাহঁতক উভতাই আনিবলৈ মহাকাশ ষ্টেচনত উপস্থিত হৈছে স্পেছ এক্সৰ ড্ৰেগন যান৷ তাত আছিল আৰু ৪নভোশ্চৰ৷ সুনীতাহঁতে তেওঁলোকক দায়িত্ব চমজাই পৃথিৱীলৈ উভতিব৷ আগন্তুক কিছু দিনৰ বাবে মহাকাশ ষ্টেচন পৰিচালনাৰ দায়িত্বত থাকিব সেই চাৰি নভোশ্চৰ৷ তেওঁলোক হৈছে নাছাৰ এন মাক্লেন, নিকোল আইয়াৰ্ছ, জাপানৰ মহাকাশ গৱেষণা সংস্থা জাক্সাৰ প্ৰতিনিধি টাকুৱা ওনিছি আৰু ৰাছিয়ান মহাকাশ গৱেষণা সংস্থা ৰছকমছৰ প্ৰতিনিধি কিৰিল পেছকভ৷ ইয়াৰোপৰি সুনীতা আৰু বুচৰ সৈতে পৃথিৱীলৈ উভতিব নাছাক নিক হগ আৰু ৰুচ নভোশ্চৰ আলেকজেণ্ডাৰ গবৰ্নভ৷
দেওবাৰৰ পৰা সোমবাৰে পুৱা প্ৰায় ৭বজালৈকে সহকৰ্মীসকলক দায়িত্ব বুজাই দিছে সুনীতা আৰু বুচ উইলমোৰে৷ মহাকাশত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি নথকাৰ বাবে সকলো কামতেই তুলনামূলকভাৱে বেছি সময় লাগে৷ বিগত বছৰৰ জুন মাহৰ পৰা মহাকাশত থাকি ৯মহীয়া অভিজ্ঞতাৰে পুষ্ট হৈছে সুনীতা আৰু বুচ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ