অসম লাইভ২৪ঃ আচৰিত হ’লেও এয়া সত্য ঘটনা। এজন কয়দীৰ সৌভাগ্য নে এয়া দুৰ্ভাগ্য সেই কথা হঠকাই কোৱা টান। সম্প্ৰতি মৃত্যুদণ্ডৰ আদেশ দিয়া এই কয়দীজন আমেৰিকাৰ বাসিন্দা এলেন ইউজিন মিলাৰ। নৃশংস এক হত্যাৰ অপৰাধত কাৰাবন্দী এলেন। এলেনে সম্প্ৰতি বিশ্বতেই চৰ্চা লাভ কৰিছে কিয়নো এলেনক মৃত্যুদণ্ড দিবলৈ গৈ বিফল হৈছে কাৰাগাৰ কৰ্তৃপক্ষই। মৃত্যুদণ্ডৰ উপায়ে কাম কৰা নাই এলেনৰ ওপৰত। এলেনক মৃত্যুদণ্ড দিবৰ বাবেই সেয়ে কাৰাগাৰ কৰ্তৃপক্ষই উদ্ভাৱন কৰিছে নতুন নিয়ম। যি নিয়ম পূৰ্বে কোনো অপৰাধীৰ ওপৰতেই ক’তোৱেই প্ৰয়োগ কৰা হোৱা নাই।
বৰ্তমান আমেৰিকাৰ এলবামা ৰাজ্যৰ এখন কাৰাগাৰত বন্দী হৈ আছে এলেন। এলেনৰ বিৰুদ্ধে তিনিটাকৈ হত্যাকাণ্ডৰ অভিযোগ আছে। আটাইকেইটা অভিযোগেই সত্য প্ৰমাণিত হোৱাত এলেনক মৃত্যুদণ্ডৰ আদেশ দিছে আদালতে। কাৰাগাৰ কৰ্তৃপক্ষই লোৱা সিদ্ধান্ত অনুসৰি এলেনৰ বিষাক্ত বেজী দি মৃত্যুদণ্ড দিয়াৰ কথা ঘোষণা কৰিছিল কাৰাগাৰ কৰ্তৃপক্ষই। কৰ্তৃপক্ষই সিদ্ধান্ত মৰ্মেই এলেনৰ শৰীৰত বিষাক্ত বেজী নিক্ষেপ কৰি এলেনৰ মৃত্যুলৈ অপেক্ষা কৰে। বেজী দিওতে কেৱল এবাৰেই বিষ শৰীৰত দি দিয়া হৈছিল এনে নহয়। মুঠ তিনিবাৰ বিষ দিয়া হৈছিল এলেনৰ শৰীৰত। তিনিটা বেজীৰ এটাত শৰীৰ অৱশ কৰাৰ ঔষধ থকাৰ লগতে আন এটাত সংজ্ঞাহীন কৰাৰ ঔষধ আৰু একেবাৰে শেষৰটো বেজীত বিষ দিয়া হয়। এনেদৰে এটা এটাকৈ তিনিটা বেজী দিয়াৰ অন্তত যন্ত্ৰণাত চিৎকাৰ কৰি উঠিছিল এলেনে। চিকিৎসক তথা কাৰাগাৰ কৰ্তৃপক্ষই অপেক্ষা কৰি আছিল শেষৰটো মুহূৰ্তৰ বাবে। কিন্তু অপেক্ষাৰ অন্ততো সেই সময় নাহিল।
এলেনৰ হৈ আদালতত যুঁজ দি থকা অধিবক্তাই এই কাৰ্যৰ বিৰোধীতা কৰিছে। বেজী দি এলেনক হত্যা কৰিব খোজাটো উচিত নহয়। বহু দেশতেই এনেদৰে বিষাক্ত বেজী দি মৃত্যুদণ্ড দিয়াটো নিষিদ্ধ ঘোষণা কৰা হৈছে। অধিবক্তাৰ এই দাবীৰ পাছতেই এলেনৰ মৃত্যুদণ্ডৰ নিয়ম সলনি কৰিছে কাৰাগাৰে। বিষাক্ত বেজী দিয়াৰ পৰিবৰ্তে নতুন উপায়েৰে এলেনক মৃত্যুদণ্ড দিয়া হ’ব বুলি জনাইছে কাৰাগাৰ কৰ্তৃপক্ষই।
কৰ্তৃপক্ষই জনোৱামতে এইবাৰ এলেনক বিষাক্ত নাইট্ৰজেন হাইপোক্সিয়া গেছ প্ৰয়োগ কৰি মৃত্যুদণ্ড দিয়া হ’ব। এই গেছ প্ৰয়োগ কৰি পূৰ্বে কাকোৱেই মৃত্যুদণ্ড দিয়া হোৱা নাই। বৰ্তমানলৈ এই গেছ প্ৰয়োগ কৰাৰ বাবে বৈধ অনুমতি কাকোৱেই দিয়া হোৱা নাই। কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা মতে অচেতন কৰি এলেনৰ মুখত এই গেছ মাস্ক লগাই দিয়া হ’ব। সেই গেছ উশাহত গ্ৰহণ কৰিলে এলেনৰ দেশত অক্সিজেনৰ মাত্ৰা কমি শূন্য হৈ অৱশেষত মৃত্যু হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ