স্বাধীন ভাৰতৰ ইতিহাসত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে ভাৰতৰ এখন আদালতে৷ স্বাধীন ভাৰতত প্ৰথমবাৰলৈ একেলগে ৩৮ গৰাকী দোষীক ফাঁচিৰ শাস্তি প্ৰদান কৰাৰ লগতে অন্য ১১ গৰাকী দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে৷
গুজৰাটৰ এখন বিশেষ আদালতে ২০০৮ চনৰ আহমদাবাদ ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত থকাৰ অভিযোগত সৰ্বমুঠ ৪৯ গৰাকী অভিযুক্তক দোষী সাবস্ত্য কৰি শাস্তি প্ৰদান কৰিছে৷
শুকুৰবাৰে বিশেষ আদালতৰ বিচাৰপতি এ আৰ পাটিলে ৩৮ গৰাকী দোষীক ফাঁচি আৰু ১১ গৰাকী দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে৷
যোৱা ৮ ফেব্ৰুৱাৰিত গুজৰাটৰ ধাৰাবাহিক আমদাবাদৰ বিস্ফোৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ ৭৭ লোকৰ বিৰুদ্ধে আদালতে বিচাৰ চলাই মুঠ ৪৯ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল আৰু আজি উক্ত ৪৯ দোষীক শাস্তি বিধান দিয়ে আদালতে৷
উল্লেখ্য যে ২০০৮ চনৰ ২৬ জুলাইত গুজৰাটৰ আহমদাবাদত ২১ টাকৈ ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল৷ উক্ত বিস্ফোৰণ লানিত ৫৬ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে দুই শতাধিকৰো অধিক লোক আহত হৈছিল৷
সেই ভয়াৱহ বিস্ফোৰণ লানি ষ্টু়ডেণ্টছ মুভমেণ্ট অৱ ইণ্ডিয়াৰ লগতে ইণ্ডিয়ান মুজাহিদীন জড়িত থকা বুলি প্ৰকাশ পাইছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ