অসম লাইভ২৪ঃ শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ ছবি ‘পাঠান’ মুক্তিৰ পূৰ্বেই সন্মুখীন হৈছে বিতৰ্কৰ। শেহতীয়াকৈ ছবিখনৰ গান ‘বেচৰম ৰং’ মুক্তি পাইছে। গীতটোৰ মুক্তিৰ পাছতেই এটাৰ পাছত আনটো বিতৰ্ক। দীপিকাৰ চেহেৰাৰ লগতে পৰিধান কৰা কাপোৰক লৈ আৰম্ভ হৈছিল বিতৰ্ক।
দেশৰ বিভিন্ন মহলে বিতৰ্ক অব্যাহত ৰখাৰ মাজতেই মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰই কয় যে যদি দৃশ্য আৰু পোছাক সলনি কৰা নহয়, তেন্তে ৰাজ্যখনত চিনেমাখন মুক্তি দিবলৈ অনুমতি দিয়া নহ’ব। হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি স্বামী চক্ৰপাণি মহাৰাজেও দীপিকাৰ বিকিনিৰ গেৰুৱা ৰঙৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। তেতিয়াৰ পৰা, ছ’চিয়েল মিডিয়াত গেৰুৱা ৰঙটোক লৈ এটাৰ পাছত আনটো প্ৰতিক্ৰিয়া।
বিতৰ্কৰ মাজতেই শ্বাহৰুখ-দীপিকাৰ অনুৰাগীসকলেও কয় যে দীপিকাই আগতে এই ৰঙৰ কাপোৰ পিন্ধি পূৰ্বেও আইটেম ছং কৰিছিল। এনে পৰিস্থিতিত, এইবাৰ কিয় বিতৰ্ক হ’ব লাগে? ইফালে, দীপিকাৰ এটা পুৰণি ভিডিঅ’ও পুনৰ চৰ্চাত আহিছে। এই ভিডিঅ’টো দীপিকাৰ ছবি ‘বাজিৰাও মস্তানী’ৰ,। ভাইৰেল দৃশ্যটোত দীপিকাই কৈছিল, ‘প্ৰতিটো ধৰ্মই এটা ৰং বাছনি কৰিছে, কিন্তু ৰঙৰ কোনো ধৰ্ম নাই। এজন ব্যক্তিৰ মন যেতিয়া ক’লা হয় তেতিয়া তেওঁ প্ৰতিটো ৰঙত ধৰ্ম দেখে।’ দীপিকাৰ একাংশ অনুৰাগীয়ে এই ক্লিপটো শ্বেয়াৰ কৰা দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ